চৰকাৰী নথি চুৰিৰ অভিযোগত অভিযুক্ত প্রাক্তন মার্কিন ৰাষ্ট্রপতি ট্রাম্প
বিশেষ বাৰ্তা, ১০ জুনঃ চৰকাৰী নথি-পত্রৰ অপব্যৱহাৰৰ অভিযোগত অভিযুক্ত হ’ল প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ৷ ৰাষ্ট্রপতি পদত থকা সময়ত একাধিক গুৰুত্বপূর্ণ নথি হোৱাইট হাউছৰ পৰা নিজ ঘৰলৈ লৈ গৈছিল ট্রাম্পে ৷ ৰাষ্ট্রপতি পদ ত্যাগ কৰাৰ পাছতো সেই নথি ওভতাই নিদিলে ট্রাম্পে ৷ সেইবাবে ট্রাম্পক অভিযুক্ত হিচাপে ঘোষণা কৰিলে ফেডাৰেল গ্রেণ্ড জুৰীয়ে ৷ অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে ড’নাল্ড ট্রাম্পে ৷ কিন্তু আমেৰিকাৰ ইতিহাসত প্রথমবাৰলৈ চৰকাৰী নথি চুৰিৰ অভিযোগত অভিযুক্ত হ’ল কোনো প্রাক্তন ৰাষ্ট্রপতি ৷ এতিয়ালৈকে ট্রাম্পৰ বিৰুদ্ধে অভিযোগ অনা হৈছে যদিও বিচাৰ প্রক্রিয়া সম্পূর্ণ হোৱা নাই৷