নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি জিমি কার্টাৰৰ ১০০ বছৰ বয়সত বিয়োগ

🔹 ২০০২ চনত শান্তিৰ ন’বেল বঁটাপ্রাপক

🔹 প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ নামত ভাৰতৰ ক’ত আছে এখন গাঁও ?

নিউজ ডেস্ক, ৩১ ডিচেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি জিমি কার্টাৰৰ ১০০ বছৰ বয়সত নিজা বাসভৱনত দেহাৱসান ঘটে৷ ভাৰতৰ বন্ধু হিচাপে চর্চিত প্রাক্তন ৰাষ্ট্রপতি জিমি কার্টাৰৰ জর্জিয়াৰ প্লেইনছৰ বাসভৱনত দেওবাৰে বিয়োগ ঘটিছে৷ আমেৰিকাৰ সবাতোকৈ দীর্ঘদিন ধৰি জীয়াই থকা প্রাক্তন ৰাষ্ট্রপতি কার্টাৰ আছিল দেশখনৰ ৩৯সংখ্যক ৰাষ্ট্রপতি৷ ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈকে ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰা জিমি কার্টাৰক বিশ্বজোৰা সংহতি আৰু মানৱ জাতিৰ হকে কাম কৰাৰ স্বীকৃতি হিচাপে ২০০২ চনত শান্তিৰ ন’বেল বঁটাৰে সন্মানিত কৰা হয়৷ জৰুৰীকালীন অৱস্থা প্রত্যাহাৰ আৰু ১৯৭৭ চনত জনতা পার্টীয়ে বিজয় সাব্যস্ত কৰাৰ পাছত ভাৰত ভ্রমণ কৰা প্রথমগৰাকী মার্কিন ৰাষ্ট্রপতি জিমি কার্টাৰ৷ প্রাক্তন ৰাষ্ট্রপতি কার্টাৰৰ বিয়োগত ম্রিয়মাণ আমেৰিকাবাসী৷ বিদায়ী ৰাষ্ট্রপতি জ’ বাইডেনে অহা ৯ জানুৱাৰীত কার্টাৰৰ সন্মানার্থে ৰাষ্ট্রীয় শোক দিৱস ঘোষণা কৰিছে৷ এক বিবৃতিত মার্কিন ৰাষ্ট্রপতি বাইডেনে কয়– আজি আমেৰিকা আৰু বিশ্বই এগৰাকী অতুলনীয় নেতা, ৰাষ্ট্রনেতা আৰু মানৱতাবাদী হেৰুৱালে৷ উল্লেখ্য যে ১৯৭৮ চনৰ ৩ জানুৱাৰীত তদানীন্তন ৰাষ্ট্রপতি কার্টাৰে পত্নী তথা ফার্ষ্ট লেডী ৰ’জালীন কার্টাৰৰ সৈতে ভাৰত ভ্রমণ কৰাৰ সময়ত এখন সৰু গাঁও ভ্রমণ কৰিছিল৷ প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ সন্মানার্থে হাৰিয়ানাৰ এই গাঁওখনৰ নাম ‘কার্টাৰপুৰী’ ৰখা হৈছে৷

You might also like