প্রাক্তন মার্কিন ৰাষ্ট্রপতি অ’বামা সমকামী, মিছেল পুৰুষ !
🔹 ধনকুবেৰ এলন মাস্কৰ পিতৃৰ দাবীক লৈ আমেৰিকাত চাঞ্চল্য
নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামা আৰু তেওঁৰ পত্নী মিছেলক লৈ অশোভনীয় মন্তব্য কৰিছিল ধনকুবেৰ এলন মাস্কৰ পিতৃ এৰল মাস্কে৷ ড’নাল্ড ট্রাম্পৰ প্রশাসনত গুৰুত্বপূর্ণ পদ লাভ কৰা এলন মাস্কৰ পিতৃয়ে মন্তব্য কৰিছে যে বাৰাক অ’বামা সমকামী আৰু তেওঁৰ পত্নী মিছেল অ’বামা আচলতে পুৰুষ৷ এৰল মাস্কৰ এনে মন্তব্যৰ পিছতে আমেৰিকাত সৃষ্টি হৈছে প্রতিক্রিয়া৷ শেহতীয়াকৈ আমেৰিকাৰ এক ইউটিউব চেনেলৰ পডকাষ্টত অংশ লৈছিল এৰল মাস্কে৷ তাত আমেৰিকাৰ ৰাজনীতিক লৈ আলোচনা কৰাৰ সময়ত বাৰাক অ’বামাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে এৰল মাস্কে৷ এৰলে উল্লেখ কৰে– আমি বুজি পাওঁ যে অ’বামাই আচলতে এজন সমকামীক বিয়া কৰাইছে৷ তেওঁ এজন পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে, যিয়ে মহিলাৰ পোছাক পৰিধান কৰে৷ সকলোৱে এই কথা নাজানিলেও আমি কিছুসংখ্যকে বুজি পাওঁ৷ এনে মন্তব্য শুনাৰ পিছতে পডকাষ্টৰ সঞ্চালকে ওলোটাই প্রশ্ণ কৰে– তেনেহ’লে মিছেল অ’বামা পুৰুষ নেকি? ইয়াৰ উত্তৰত এৰল মাস্কে কয় যে এয়া সত্য৷ ইয়াতেই শেষ নহয়, নিজৰ মন্তব্যৰ সপক্ষে যুক্তি দিবলৈ গৈ এৰল মাস্কে কয় যে ২০১৪ চনত জোৱান ৰিভার্ছে মুকলিকৈ এই বিষয়টো সন্দর্ভত মন্তব্য কৰিছিল৷ আশ্চর্যজনকভাৱে দুসপ্তাহৰ ভিতৰতে জোৱানৰ মৃত্যু হৈছিল বুলিও দাবী কৰে এৰল মাস্কে৷ এক অস্ত্রোপচাৰ কৰিবলৈ গৈ জোৱান ৰিভার্ছে সংজ্ঞা হেৰুৱাইছিল বুলি মন্তব্য কৰে এৰলে৷ ছ’চিয়েল মিডিয়াত এই পডকাষ্ট সম্প্রচাৰ হোৱাৰ পাছতে মার্কিন ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে৷ অৱশ্যে এনে অশোভনীয় মন্তব্য সত্ত্বেও অ’বামা দম্পতীয়ে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷