বানৰ কবলত মহাৰাষ্ট্রৰ নাগপুৰ, চাৰিজনৰ প্রাণহানি
🔹 ১০ হাজাৰ বাসগৃহ পানীৰ তলত
বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : চাৰিওফালে মাথোঁ পানী৷ ৰাস্তা, ঘৰ সকলো পানীৰ তলত৷ মহাৰাষ্ট্রৰ নাগপুৰত এতিয়া ভয়াৱহ বান৷ মুষলধাৰ বৃষ্টিপাতৰ ফলত বানৰ কবলত পৰিছে সমগ্র নাগপুৰ৷ ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে যে পুনৰ বৃষ্টিপাতৰ আশংকা আছে চহৰখনত৷ ইফালে, অ’ৰেঞ্জ এলার্ট জাৰি কৰা হৈছে নাগপুৰ চহৰৰ বিভিন্ন প্রান্তত৷ বিগত দুদিনত অতিবৃষ্টিৰ ফলত আমবাজাৰী হ্রদ আৰু নাগ নদী বিপদসীমাৰ ওপৰেৰে বৈছে৷ যিকোনো মুহূর্ততে এই নদী আৰু জলাশয়ৰ পানীয়ে বসতি অঞ্চলত সৃষ্টি কৰিব পাৰে তাণ্ডৱ৷ নাগপুৰৰ সমান্তৰালভাৱে থানে আৰু ৰায়গড় অঞ্চলতো য়েলো এলার্ট জাৰি কৰা হৈছে৷ ৰাজ্যখনৰ উপ–মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাৱিজে সংবাদ মাধ্যমক জনোৱা অনুসৰি, নাগপুৰ চহৰত ৩ ঘণ্টাত ১০৯ মিলিমিটাৰ বৃষ্টিপাত হৈছে৷ ইয়াৰ ফলত চহৰখনৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে৷ কালি চহৰখনৰ ১০ সহস্রাধিক বাসগৃহ প্লাৱিত হৈ পৰে৷ পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে চহৰখনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিবলগীয়া হৈছে প্রশাসনে৷ উল্লেখনীয় যে ইতিমধ্যে নাগপুৰৰ বানত এগৰাকী পংগু মহিলাসহ চাৰিগৰাকী লোকৰ মৃত্যু হৈছে৷ ১৪ হাজাৰ পশুক উটুৱাই নিছে বানে৷ বানাক্রান্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্রতৰ কৰিছে প্রশাসনে৷ আগন্তুক তিনি দিনলৈ মহাৰাষ্ট্রত অতিবৃষ্টিৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে বতৰ বিজ্ঞান বিভাগে৷