নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত পুনৰ আৰক্ষী–কিশোৰসহ চাৰিজনৰ প্ৰাণহানি

🔴 ক্ষুব্ধ জনতাই জ্বলাই দিলে দুখন বাহন, কেইবাস্থানতো গুলীয়াগুলীৰ ঘটনা

বিশেষ বাৰ্তা, ৮ জুলাই : গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰত হিংসাৰ অৱসান ঘটাৰ পৰিৱৰ্তে দিনে দিনে বৃদ্ধি পাই আছে হিংসাত্মক ঘটনা ৷ মেইটেই সম্প্রদায়ক জনজাতিৰ মর্যাদা প্রদানৰ বিৰোধিতাৰে জনজাতি সংগঠনৰ প্রতিবাদে হিংসাত্মক ৰূপ লোৱাৰ দুমাহ অতিক্রম কৰাৰ পিছতো ৰাজ্যখনলৈ স্বাভাৱিক পৰিস্থিতি উভতি অহা নাই ৷ প্রতিদিনেই ৰাজ্যখনৰ বিভিন্ন প্রান্তত হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে ৷ বিগত ২৪ ঘণ্টাত বিষ্ণুপুৰ আৰু চুড়াচন্দ্রপুৰ জিলাৰ মাজৰ সীমান্ত অঞ্চলত পৃথক ঘটনাত অতিকমেও চাৰিজন লোকৰ প্রাণহানি হৈছে ৷ আৰক্ষীৰ জোৱান আৰু কিশোৰসহ চাৰিজনৰ মৃত্যু হৈছে ৷ যোৱানিশা সন্দেহযুক্ত উগ্রপন্থীৰ গুলীচালনাত এজন আৰক্ষী বিষয়া নিহত হোৱাৰ বিপৰীতে আন তিনিজন আহত হৈছে ৷ মেইটেই আৰু কুকি সম্প্রদায়ে ইটোৱে সিটো সম্প্রদায়ক আক্রমণৰ ঘটনা প্রতিদিনে সংঘটিত হৈ আহিছে ৷ ইপিনে ইম্ফলত ১৫০–২০০জনীয়া ক্ষোভিত লোকে দুখন বাহন জ্বলাই দিয়ে ৷ ইম্ফল পূব জিলাত গোটেই নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ অৱশ্যে এই ঘটনাত হতাহতৰ সংখ্যা এতিয়াও পোহৰলৈ অহা নাই ৷ সেনাই প্রকাশ কৰা মতে, বিষ্ণুপুৰ জিলাৰ কাংভাই অঞ্চলটো অতি স্পর্শকাতৰ ৷ এই অঞ্চলটোত দুই সম্প্রদায়ৰ লোকৰ মাজত সংঘর্ষৰ সৃষ্টি হৈ আহিছে৷ উক্ত অঞ্চললৈ অতিৰিক্ত দুটা অর্ধসামৰিক বাহিনীৰ কোম্পানী প্রেৰণ কৰা হৈছে ৷ ইপিনে, ৩ মে’ৰ পৰা ৰাজ্যখনত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা আংশিকভাৱে খুলি দিবলৈ আদালতে নির্দেশ দিছে ৷ ৰাজ্যখনত শান্তি ওভতাই আনিবলৈ ৪০ হাজাৰতকৈ অধিক কেন্দ্রীয় নিৰাপত্তা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে৷

You might also like