ফ্ৰান্সৰ নতুন প্ৰধানমন্ত্ৰী ‘সমকামী’ গেব্ৰিয়েল আটাল
বাৰ্তা ডিজিটেল ডেস্ক, ৯ জানুৱাৰীঃ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে গেব্ৰিয়েল আটালক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছে। গেব্ৰিয়েল ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী হোৱা আটাইতকৈ কম বয়সীয়া আৰু প্ৰথমজন সমকামী ব্যক্তি। বৰ্তমান তেওঁ মেক্ৰন চৰকাৰত শিক্ষামন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে। গেব্ৰিয়েলে মুকলিকৈ কৈছে যে তেওঁ সমকামী। আচলতে এলিজাবেথ ব’ৰ্নেৰ ঠাইত গেব্ৰিয়েলে স্থান লাভ কৰিছে। শেহতীয়াকৈ অনুপ্ৰৱেশৰ বাবে সৃষ্টি হোৱা ৰাজনৈতিক উত্তেজনাৰ বাবে এলিজাবেথ ব’ৰ্নে কালি প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। ২০২২ চনৰ মে’ মাহত এলিজাবেথ ব’ৰ্নে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ইউৰোপীয় নিৰ্বাচনৰ পূৰ্বে তেওঁ পদত্যাগ কৰে। এনে পৰিস্থিতিত ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এলিজাবেথ ব’ৰ্নেৰ বিষয়ে মেক্ৰনে কৈছিল যে তেওঁৰ কাৰ্যকালত তেওঁ সাহস, দায়বদ্ধতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছিল। ইমানুৱেল মেক্ৰনে ছ’চিয়েল মিডিয়া এক্সত ফৰাচী ভাষাত লিখিছে : প্ৰিয় গেব্ৰিয়েল আটাল, মই আপোনাৰ ওপৰত ভাৰসা কৰিব পাৰোঁ। সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি গেব্ৰিয়েল আটাল ছ’চিয়েলিষ্ট পাৰ্টিৰ সদস্য হৈ আহিছে। ২০১৬ চনত মেক্ৰনৰ লগত যোগদান কৰাৰ পিছত ২০২০ চনৰ পৰা ২০২২ চনলৈ চৰকাৰী মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২৩ চনৰ জুলাই মাহত শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে আটালে বাজেট মন্ত্ৰী পদৰ দায়িত্বত আছিল। শেহতীয়াকৈ বহু জনমত সমীক্ষাত দাবী কৰা হৈছিল যে মেক্ৰন চৰকাৰত গেব্ৰিয়েল আটালৰ দৰে লোকেই আটাইতকৈ বেছি।