দিল্লীৰ বজাৰত ফৰাচী ৰাষ্ট্রদূত থিয়েৰীৰ ম’বাইল ফোন চুৰি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ সাধাৰণ মানুহ আৰু কূটনীতিকৰ মাজত পার্থক্য কি বুজি পায় চোৰ বা পকেটমাৰে৷ ১০ দিন পূর্বে দিল্লীত চান্দনি চ’ক মার্কেটৰ ভিৰৰ মাজত ম’বাইল ফোন চুৰি হৈছে ফৰাচী ৰাষ্ট্রদূত থিয়েৰী মাতাউৰৰ৷ এই খবৰ পোৱাৰ লগে লগে অস্বস্তিত পৰিছে দিল্লী আৰক্ষী৷ তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে৷ ইতিমধ্যে চাৰি অভিযুক্তক গ্রেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে৷ ঘটনাটো ২০ অক্টোবৰত সংঘটিত হৈছিল৷ বজাৰৰ জৈন মন্দিৰ অঞ্চলত প্রয়োজনীয় সামগ্রী ক্রয় কৰিবলৈ গৈছিল ফৰাচী ৰাষ্ট্রদূত থিয়েৰী আৰু তেওঁৰ পত্নীয়ে৷ তেতিয়াই এই বিপত্তি ঘটে৷ ভিৰৰ মাজত থিয়েৰীৰ ফোনটো পকেটমাৰে লৈ যায়৷ দিল্লী আৰক্ষীৰ ওচৰত অনলাইনত অভিযোগ দাখিল কৰে ৰাষ্ট্রদূতগৰাকীয়ে৷ আনফালে ২১ অক্টোবৰত ৰাষ্ট্রদূতৰ কার্যালয়ৰ পৰা বিষয়টো জানিবলৈ সক্ষম হয় দিল্লী প্রশাসন৷ ইতিমধ্যে চুৰি হোৱা ম’বাইল ফোনটো উদ্ধাৰ কৰিছে দিল্লী আৰক্ষীয়ে৷