নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ পৰা মক্কালৈ ৭৯ হজযাত্ৰী, অসমৰ পৰা ৬,৩০০

বিশেষ বাৰ্তা, ১৮এপ্ৰিলঃ প্ৰতিবছৰৰ দৰে এইবছৰো পৱিত্ৰ হজব্ৰত কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ পৰা মুঠ ৭৯গৰাকী পুৰুষ-মহিলাই মক্কা-মদিনালৈ হজব্ৰত কৰাৰ উদ্দেশ্যে ৰাওনা হ’ব। ইতিমধ্যে ২০২৩ চনৰ হজযাত্ৰীয়ে প্ৰথম কিষ্টি হিচাবে ৮১,৮০০ টকা জমা দিয়াৰ লগতে দ্বিতীয় কিস্তিত ১,৭০,০০০ টকা আৰু শেষৰ কিস্তিত প্ৰায় এক-ডেৰ লাখ টকাৰ ভিতৰতে সময় মতে জমা দিব লাগিব বুলি হজ কমিটি সূত্ৰে জানিব পৰা গৈছে। প্ৰতিজন হাজীক সহায় কৰাৰ কাৰণে একোটা গ্ৰুপত একোজনকৈ “খাদেমুল হুজ্জাজ” থাকে যদিও এই বছৰ চৰকাৰে বয়সৰ সীমা ৫০ অনুৰ্ধৰ যুৱকক নিয়োজিত কৰে বাবে মুঠ ৫৫ জন প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ১৪ জনকহে বাছনি কৰে লগতে এই বছৰ অসমৰ পৰা মুঠ ৬,৩০০ জন হজযাত্ৰী হজলৈ ৰাওনা হ’ব আৰু ইতিমধ্যে যাৱতীয় প্ৰয়োজনীয় নথি পত্ৰ যেনে মেডিকেল ফিটনেচ চাৰ্টিফিকেট, আন্তৰাষ্ট্ৰীয় পাছপ’ৰ্ট ইত্যাদি ইতিমধ্যে জমা কৰিছে বুলি হজ কমিটিৰ অধ্যক্ষ নেকিবুজ্জামানে জানিবলৈ দিয়ে আৰু বাকী শেষৰ কিস্তি পৰৱৰ্তী সময়ত হজ যাত্ৰী সকলে জমা দিব লাগিব বুলিও তেওঁ কয়। এই বছৰ ডিব্ৰুগড় জিলাৰ পৰা প্ৰায় ৭৯ গৰাকী পুৰুষ মহিলা হজলৈ বুলি ঈদুল ফিটৰৰ পিছতে অৰ্থাৎ সম্ভাব্য ২১ মে’ পৰা ৰাওনা হ’ব আৰু এই সকলৰ সৰহ ভাগেই ডিব্ৰুগড়ৰ উদীয়মান যুৱক গ্ৰাহাম বজাৰৰ শেখ মহম্মদ চামিৰুল হকে যাৱতীয় হজযাত্ৰী সকলৰ ফৰ্ম পূৰ্ণ কৰি গুৱাহাটীত নিজে গৈ হজ কমিটি কাৰ্য্যালয়ত জমা দি মানুহক সহায় কৰে। অসম চৰকাৰৰ হজ কমিটিৰ ফালৰ পৰা প্ৰতিবছৰে দুই তিনি জনকৈ দক্ষ প্ৰশিক্ষকে আহি ডিব্ৰুগড়ত প্ৰশিক্ষণ দিয়ে আৰু এই ক্ষেত্ৰত ডিব্ৰুগড়ত থকা হজ কমিটিৰ ফালৰ আৰু ডিব্ৰুগড় জিলাৰ প্ৰশাসনৰ ফালৰ পৰা আৰু অভিজ্ঞ হাজী সকলে ব্যক্তিগত ভাৱে চাৰি-পাঁচ বাৰ মানকৈ প্ৰশিক্ষণৰ ব্যবস্থা কৰে যাতে আৰৱত গৈ হাজী সকলৰ কোনো অসুবিধাৰ সৃষ্টি নহয়। চৰকাৰৰ ফালৰ পৰা হজযাত্ৰী সকলে ৰাওনা হোৱাৰ পূৰ্বে যাৱতীয় ছিটা লোৱাৰ ব্যৱস্থা কৰে।কেন্দ্ৰীয় হজ কমিটিৰ তথ্য অনুসৰি অসমৰ উপৰিও আৰু ১১ টা এম্বাৰকেশ্বন পইন্টৰ পৰা গুৱাহাটীৰ লগতে, কলিকতা, ভূপাল, দিল্লী,গোৱা, ইন্দোৰ, জয়পুৰ, ৰাচী, শ্ৰীনগৰ আৰু বেনাৰচৰ পৰাও প্ৰায় একেলগে উৰণ আৰম্ভ হ’ব আৰু প্ৰথম পৰ্যায়ৰ উৰণ অহা ৬ জুনলৈ চলিব বুলি হজ কমিটিৰ সূত্ৰে জানিব পৰা গৈছে। এই সময়ছোৱাৰ ভিতৰত অসমৰ উপৰিও পশ্চিমবঙ্গ, বিহাৰ, ওড়িশা, ত্ৰিপুৰা আৰু ঝাড় খণ্ডৰ পৰাও হজযাত্ৰী সকলে হজ কৰিব যাব পাৰিব। এই বছৰ অসমৰ পৰা যাব লগীয়া হজ যাত্ৰী সকলক প্ৰথমে মদিনা লৈ যাব আৰু তাৰ পিছত মক্কাত যাৱতীয় হজব্ৰত সমাপন কৰি নিজৰ মাতৃ ভূমিলৈ ঘূৰি আহিব বুলি হজ কমিটিৰ অধ্যক্ষ জামানে জানিবলৈ দিয়ে। এই বছৰ দ্বিতীয় পৰ্য্যায়ৰ হজ সমাপন কৰি ৩ জুলাইৰ পৰা নিজ দেশলৈ উভতি আহিব পাৰিব। ২০২৩ বৰ্ষত গুৱাহাটীৰ পৰা ৬,৩০০জন, পশ্চিমবংগৰ পৰা ১৪,৪৬১জন, ভূপালৰ পৰা ২,৮০০জন, গোৱাৰ পৰা ৩,৫০০ জন, ইন্দোৰৰ পৰা ৩,১০০জন, জয়পুৰৰ পৰা ৫,৫০০ জন, লক্ষ্ণৌৰ পৰা ১১,০০০জন, ৰাচীৰ পৰা ২,৪০০জন, শ্ৰীনগৰৰ পৰা ১১,৫০০ জন, বেনাৰচৰ পৰা ২,৬০০ জন অৰ্থাৎ মুঠতে ভাৰতৰ পৰা চৰকাৰী ভাৱে ৮১,৫৬১গৰাকী হজযাত্ৰী মক্কা মদিনাত হজ সমাপন কৰি দেশলৈ ঘূৰি আহিব। ইতিমধ্যে বেচৰকাৰী অৰ্থাৎ নিজস্ব খৰছত প্ৰতিবছৰে লাখৰ ওপৰত যায়। উল্লেখযোগ্য যে, মক্কা মদিনাত প্ৰতি বছৰে ৫০-৬০ লাখ হজযাত্ৰী বিভিন্ন দেশৰ পৰা গৈ হজ সমাপন কৰি আহে আৰু সন্মানীয় “হাজী ” উপাধি লৈ আহে।

প্ৰেৰক বিভাস দুৱৰা

You might also like