নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত ঈদ : ধুবুৰী-গুৱাহাটী বাছত হঠাত বেছিকৈ ভাৰা লোৱাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ আগন্তুক ঈদৰ গইনালৈ ধুবুৰী-গুৱাহাটীৰ মাজত চলাচল কৰা একাংশ ব্যক্তিগত খণ্ডৰ যাত্ৰীৱাহী বাছত যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাৰাতকৈ অধিক ধন লৈ থকা বুলি অভিযোগ উত্থাপিত হৈছে। গুৱাহাটীৰ পৰা ধুবুৰী লৈ অহা কেইবাগৰাকী যাত্ৰীয়ে আজি এইদৰেই স্থানীয় সাংবাদিকৰ দল এটাৰ সন্মুখত ক্ষোভ উজৰা পোৱা যায়। উল্লেখ্য যে, ধুবুৰীৰ পৰা গুৱাহাটী অথবা গুৱাহাটীৰ পৰা ধুবুৰীলৈ অহা কেন্টাৰ বাছৰ যাত্ৰী প্ৰতি ভাৰা হ’ল ২৫০ টকাৰ পৰা সৰ্বোচ্চ ৩০০ টকা। কিন্তু আজি গুৱাহাটীৰ পৰা এএচ০১/এলচি ৫৮৬৫ নম্বৰৰ এখন কেন্টাৰ বাছৰে ধুবুৰীলৈ অহা কেইবাগৰাকী যাত্ৰীয়ে তেওঁলোকৰ পৰা যাত্ৰী প্ৰতি ৪০০ টকাকৈ ভাৰা লোৱা বুলি অভিযোগ কৰে। ইপিনে যাত্ৰীয়ে সাংবাদিকৰ সন্মুখত এইদৰে ক্ষোভ উজাৰা দেখি বাছখনৰ চালকগৰাকীয়ে ধুবুৰী চহৰৰ বেচৰকাৰী বাছ আস্থানৰ পৰা কিছু আগত ততাতৈয়াকৈ যাত্ৰীসকলক নমাই বাছখন লৈ আঁতৰি যাবলৈ প্ৰয়াস চলায়। কিন্তু ঘটনাস্থলীত উপস্থিত থকা সাংবাদিকৰ দলটোৱে বাছখনক খেদি খেদি গৈ ৰখাবলৈ সক্ষম হয় আৰু যাত্ৰীসকলৰ অভিযোগ সন্দৰ্ভে প্ৰশ্ন কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নিৰ্ধাৰিত ৩০০ টকাকৈয়ে ভাৰা লোৱা বুলি দাৱী কৰা পোৱা যায় বাছখনৰ চালকগৰাকীয়ে। উল্লেখ্য যে, কেৱল ঈদেই নহয়; দুৰ্গা পূজাকে ধৰি যি কোনো পূজা-পাৰ্বণ অথবা উৎসৱৰ সময়ত যাত্ৰী চলাচলৰ সংখ্যা বৃদ্ধি পোৱাৰ গইনা লৈ ধুবুৰী আৰু গুৱাহাটীৰ মাজত চলাচল কৰা একাংশ যাত্ৰীবাহী বাছে অকষ্মাতে ভাৰা বৃদ্ধি কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে বিষয়টো লৈ আজিলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা যোৱা নাই ধুবুৰী জিলাৰ পৰিবহন বিভাগেও।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like