নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেজ বিৰিয়ানিৰ পৰা বাটাৰ চিকেন… অলিম্পিক গেমছ ভিলেজত খাদ্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুলাইঃ পেৰিছ অলিম্পিকৰ আজি উদ্বোধনী অনুষ্ঠান৷ বহু খেলুৱৈ ইতিমধ্যে পেৰিছত উপস্থিত হৈছে৷ আৰম্ভণিতে যিসকলৰ ইভেণ্ট আছে তেওঁলোক সকলোৱেই অলিম্পিকৰ গেমছ ভিলেজত প্রৱেশ কৰিছে৷ উদ্যোক্তাসকলে তাত তেওঁলোকৰ বাবে সুস্বাদু খাদ্য প্রস্তুত কৰিছে৷ তাত সকলো ধৰণৰ খাদ্য উপলব্ধ৷ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানক লৈ ভাৰতীয় খেলুৱৈসকল উৎফুল্লিত হৈ পৰিছে৷ ইফালে ভাৰতীয় দলৰ মুখ্য পুষ্টিবিদ আৰাধনা শর্মাহ গেমছ ভিলেজত কেনেধৰণৰ খাদ্য উপলব্ধ সেই কথা প্রকাশ কৰিছে৷ তেওঁ কয় যে গেমছ ভিলেজত চাৰিখন মহাদেশৰ বিশেষ ব্যঞ্জন আছে৷ আৰাধনাই এটা ৱেবছাইটোত কয়, ‘মোৰ মতে অতি সুন্দৰ খাদ্যাভ্যাস আছে৷ তেওঁলোকে প্রধান খাদ্যসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে৷ এবিধ এছিয়ান, এবিধ ফৰাচী, এবিধ নিৰামিষভোজী আৰু এবিধ সমগ্র বিশ্বৰ বাবে৷ যিয়ে যি ভাল পায় খাব পাৰে৷ আৰাধনাই আৰু ক’লে, ‘ভেজ বিৰিয়ানি যেনেকৈ আছে, বাটাৰ চিকেনো আছে৷ ইয়াৰ উপৰি ফুলকবি তৰকাৰী আৰু পনীৰৰ বিভিন্ন সামগ্রী আছে৷ আমাৰ খেলুৱৈসকলে ইচ্ছা কৰিলে এহ সকলোবোৰ চেষ্টা কৰিব পাৰে৷’ কিন্তু বহু খেলুৱৈয়ে ফিটনেছৰ কাৰণে প্রলোভনমূলক খাদ্যত লিপ্ত হ’ব নোৱাৰে৷ দল বা ব্যক্তিগত পুষ্টিবিদে যি প্রেছক্রিপচন দিয়ে সেই অনুসৰি খাব লাগে৷

You might also like