পাকিস্তান-ৰ বিৰুদ্ধে সেনাক পূর্ণ কর্তৃত্ব
🔹 যুদ্ধবিৰতি উলংঘা কৰাত নিশা ভাৰতৰ গুৰুত্বপূর্ণ সিদ্ধান্ত
নিউজ ডেস্ক, ১১ মে’ : পাকিস্তান-এ যুদ্ধবিৰতি উলংঘন কৰিছে৷ ভাৰতৰ সৈতে যুদ্ধবিৰতিত সহমত হোৱা পাকিস্তানে তিনি ঘণ্টাৰ পাছতে যুদ্ধবিৰতি উলংঘন কৰি দুমুখীয়া নীতি গ্রহণ কৰিছে৷ পাকিস্তানী সেনাৰ প্রতিটো পদক্ষেপক ভাৰতীয় সেনাই সূক্ষ্ম নিৰীক্ষণ কৰি থাকিব আৰু প্রয়োজন হ’লে সেনাই পদক্ষেপ গ্রহণ কৰিব৷ ভাৰতীয় সেনাক পৰিস্থিতিসাপেক্ষে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিছে কেন্দ্রীয় চৰকাৰে৷ নিশা প্রায় ১০.৫৫ বজাত জৰুৰীভাৱে আয়োজিত সংবাদ মেলত বৈদেশিক সচিব বিক্রম মিশ্রীয়ে এই ঘোষণা কৰে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ সহমতত উপনীত হৈছিল যদিও কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে সন্ধিয়া ৬ বজাত এই যুদ্ধবিৰতিৰ ঘোষণা আনুষ্ঠানিক কৰাৰ তিনি ঘণ্টা পিছত পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰিছে৷ পাকিস্তান সম্পূর্ণ জগৰীয়া৷ গতিকে পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ ইপিনে, অপাৰেচন সিন্দূৰত বিতত পাকিস্তানে অৱশেষত যুদ্ধবিৰতিত আগভাগ ল’বলৈ বাধ্য হ’ল৷ পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰৰ পাছত প্রায় ৪ দিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা অঘোষিত যুদ্ধৰ উত্তেজনাই বিশ্ববাসীক উদ্বিগ্ণ কৰি থকাৰ সময়তে কালি তাৎক্ষণিকভাৱে ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ সহমতত উপনীত হয়৷ জম্মু–কাশ্মীৰৰ পৰা পঞ্জাবলৈকে ৪ ৰাজ্যত পাকিস্তানে ড্রোন, মিছাইলেৰে কৰা আক্রমণ ভাৰতীয় সেনাই প্রতিহত কৰাৰ তথ্যসহ অপাৰেচন সিন্দূৰৰ ব্যাখ্যা আগবঢ়োৱা প্রতিৰক্ষা মন্ত্রালয় আৰু বৈদেশিক মন্ত্রালয়ৰ সংবাদ মেলত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধবিৰতিৰ প্রসংগ উত্থাপন কৰে বৈদেশিক সচিব বিক্রম মিশ্রিয়ে৷ অপাৰেচন সিন্দূৰক লৈ প্রতিদিনেই সন্ধিয়া সংবাদ মেল আয়োজন কৰা প্রতিৰক্ষা মন্ত্রালয় আৰু বৈদেশিক মন্ত্রালয়ে কালি সন্ধিয়া আয়োজিত সংবাদ মেলত বহুচর্চিত ভাৰত–পাকিস্তানৰ যুদ্ধবিৰতিৰ সম্ভাৱনাৰ বিষয়টোক নিশ্চিত কৰি কালি সন্ধিয়া ভাৰতীয় সময় মতে ৫ বজাৰ পৰাই দুয়ো দেশৰ মাজত স্থল–জল আৰু আকাশত কোনো আক্রমণ নকৰাৰ সিদ্ধান্তত উপনীত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে বৈদেশিক সচিব মিশ্রিয়ে৷ গুৰুত্বপূর্ণ যে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে তেওঁৰ ছ’চিয়েল প্লেটফর্ম ট্রুথত ভাৰত আৰু পাকিস্তান যুদ্ধবিৰতিৰ বাবে সন্মত হোৱা বুলি নিশ্চিত কৰাৰ পাছতে ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ বৈদেশিক সচিব মিশ্রিয়ে কয় যে আজি বিয়লি ৩.৩০ বজাত পাকিস্তানৰ ডাইৰেক্টৰ জেনেৰেলছ অৱ মিলিটেৰী অপাৰেচনছ (ডিজিএমঅ’এছ)–এ ভাৰতৰ ডিজিএমঅ’এছৰ সৈতে যুদ্ধবিৰতি সম্পর্কত টেলিফোনিক বার্তালাপ কৰে আৰু এই বার্তালাপৰ সময়তে সন্ধিয়া ৫ বজাৰ পৰা স্থল–জল আৰু আকাশমার্গত সামৰিক অভিযান আৰু সকলো গুলীচালনা বন্ধৰ সহমতত উপনীত হয়৷ আজি সন্ধিয়াৰ পৰা তাৎক্ষণিকভাৱে দুয়ো দেশৰ মাজত যুদ্ধবিৰতি সম্পন্ন হয় যদিও অহা ১২ মে’ত পৰৱর্তী বৈদেশিক মন্ত্রালয়ৰ মাজত বৈঠক অনুষ্ঠিত হ’ব৷ তাৎপর্যপূর্ণ যে যুদ্ধবিৰতিৰ সহমতত উপনীত হ’লেও ভাৰতে সন্ত্রাসবাদৰ যিকোনো কার্যক যুদ্ধ ঘোষণা হিচাপে বিবেচিত কৰা হ’ব বুলি বিবৃতি দিয়ে৷ মন কৰিবলগীয়া যে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধবিৰতি সন্দর্ভত ছ’চিয়েল প্লেটফর্ম ট্রুথত লিখে– আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বাৰা গোটেই নিশা মধ্যস্থতাক লৈ আলোচনাৰ অন্তত মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে ভাৰত আৰু পাকিস্তানে সম্পূর্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে৷ দুয়োখন দেশৰ জ্ঞান আৰু প্রচুৰ বুদ্ধিমত্তাক অভিনন্দন জনাইছোঁ৷ এই বিষয়টোক লৈ আপোনালোকৰ মনোযোগক ধন্যবাদ৷ এই সংবাদ মেলত অপাৰেচন সিন্দূৰৰ চতুর্থ দিনৰ বর্ণনা আগবঢ়াই উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কয় যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে প্রৰোচিত আক্রমণ চলোৱাৰ পাছত দেশখনে ভাৰতৰ আক্রমণত প্রচুৰ আৰু অবহনক্ষম ক্ষতিৰ সন্মুখীন হৈছে৷ পাকিস্তানৰ গুৰুত্বপূর্ণ বায়ুসেনাৰ ঘাটি ক্ষতিগ্রস্ত হৈছে৷ বায়ু প্রতিৰোধী ব্যৱস্থা আৰু ৰাডাৰ ক্ষতিৰ সন্মুখীন হৈছে৷ এলঅ’চিতো পাকিস্তানে বিস্তৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আনহাতে, পাকিস্তানে ভাৰতৰ সামৰিক ঘাটিৰ ক্ষতি হোৱা বুলি যি প্রচাৰ চলাইছে সেয়া সম্পূর্ণ মিছা বুলিও সংবাদ মেলত প্রমাণ দাঙি ধৰে উইং কমাণ্ডাৰ ব্যোমিকা সিঙে৷ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হ’লেও পাকিস্তানৰ সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰতম স্থিতি নতুন দিল্লীয়ে গ্রহণ কৰি থাকিব বুলি সতর্কবাণী দিয়ে কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰে৷ লক্ষণীয় যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ইমান সহজতে কেনেকৈ সম্ভৱ হৈ উঠিল, সেয়াও এক বিচার্যৰ বিষয়৷ মার্কিন বৈদেশিক সচিব মার্ক’ ৰুবিঅ’ই সামাজিক মাধ্যম এক্সত প্রকাশিত মন্তব্যই এই যুদ্ধবিৰতি কেনেকৈ সম্ভৱ হ’ল তাক পোহৰলৈ আনিছে৷ মার্কিন বৈদেশিক সচিবগৰাকীয়ে কয়– বিগত ৩৮ ঘণ্টা ধৰি মার্কিন উপ–ৰাষ্ট্রপতি জে ডি ভানছ আৰু মই ভাৰত আৰু পাকিস্তানৰ শীর্ষ বিষয়াৰ সৈতে সম্পর্ক ৰক্ষা কৰিছোঁ৷ ভাৰত–পাকিস্তানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু শ্বেহৱাজ শ্বৰীফ, ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰ, পাকিস্তানৰ সেনাৰ মুৰব্বী আছিম মুনিৰ, ভাৰত–পাকিস্তানৰ এনএছএ অজিত ডোভাল আৰু আছিম মালিকৰ সৈতে সম্পর্ক ৰাখিছোঁ৷ মই ঘোষণা কৰিবলৈ পাই সুখী যে ভাৰত আৰু পাকিস্তান চৰকাৰ শীঘ্রেই যুদ্ধবিৰতিত সন্মত হৈছে আৰু নিৰপেক্ষ স্থানত এই বিষয়ক লৈ বিস্তৃত আলোচনা কৰিব৷ আমি প্রধানমন্ত্রী মোদী আৰু শ্বৰীফক তেওঁলোকৰ জ্ঞান আৰু নেতৃত্বক শান্তিৰ পথ লোৱা বাবে প্রশংসা কৰিছোঁ৷
ভাৰতৰ সৈতে যুদ্ধৰ শংকাত পিছ হোঁহকিলে পাকিস্তানে
ভাৰতৰ সৈতে যুদ্ধৰ ফেঁপেৰি পতা পাকিস্তানে অৱশেষত পিছ হোঁহকিবলৈ বাধ্য হ’ল৷ পাকিস্তানী সেনাৰ ড্রোন, মিছাইলৰ আক্রমণ ভাৰতে মাজ আকাশতে প্রতিহত কৰি প্রত্যাক্রমণ হিচাপে দেশৰ ভিতৰত ড্রোন বিস্ফোৰণ ঘটাই বায়ু প্রতিৰোধী ব্যৱস্থাক বিকল কৰাৰ লগতে পাকিস্তানৰ সকলো আক্রমণ ব্যর্থ কৰাৰ পাছত দেশখনৰ যুদ্ধক লৈ স্থিতি সলনি হৈছে৷ দেশখনৰ প্রতিৰক্ষা মন্ত্রী খাৱাজা আছিফে ভাৰতক যুদ্ধৰে এশিকনি দিয়াৰ হুংকাৰ দিয়াৰ লগতে প্রয়োজনত পাৰমাণৱিক অস্ত্র প্রয়োগৰো সকীয়নি দিছিল৷ কিন্তু বিগত ৪ দিনত অঘোষিত যুদ্ধত পাকিস্তানৰ সেনাৰ বিফলতাই প্রতিৰক্ষা মন্ত্রীগৰাকীক যুদ্ধৰ পৰা পিছ হোঁহকিবলৈ বাধ্য কৰালে৷ প্রতিৰক্ষা মন্ত্রী খাৱাজাই এতিয়া ভাৰতৰ বিৰুদ্ধে কোনো কাৰণতে পাৰমাণৱিক অস্ত্র ব্যৱহাৰ নকৰোঁ বুলি ঘোষণা কৰিছে৷ প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফৰ নেতৃত্বত অনুষ্ঠিত নেচনেল কমাণ্ডো অথ’ৰিটীৰ বৈঠকত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে ভাৰতৰ সৈতে যুদ্ধক লৈ অনিশ্চয়তা প্রকাশ কৰে৷ এই বৈঠকত দুয়ো দেশৰ মাজত যুদ্ধক লৈ পর্যালোচনা কৰা হয় যদিও যুদ্ধত ভাৰতৰ সৈতে পাকিস্তানী সেনাৰ শক্তি কিমান দূৰলৈ টিকিব তাক লৈ সন্দেহ প্রকাশ কৰে৷ এই বৈঠকতে ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্র ব্যৱহাৰৰ কোনো পৰিকল্পনা নাই বুলি সিদ্ধান্ত গ্রহণ কৰা হয়৷ কার্যতঃ এই বৈঠকত পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধৰ পৰিৱর্তে আলোচনাৰ মাজেৰে পৰিস্থিতি সমাধানৰ পক্ষত গুৰুত্ব আৰোপ কৰে৷