নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজেল গাড়ীৰ নির্মাণ বন্ধ কৰাৰ আহ্বান গাডকাৰীৰ

🔹 অত্যধিক প্রদূষণ সৃষ্টি : কঠোৰ হ’ব চৰকাৰ

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : বায়ু প্রদূষণত ডিজেলচালিত গাড়ীৰ অৰিহণা যথেষ্ট বেছি৷ আজি নতুন দিল্লীত এক বৈঠকত এই দাবী কৰিলে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে ৷ গাড়ী নির্মাতা সংস্থাসমূহক ডিজেল গাড়ীৰ নির্মাণ বন্ধ কৰাৰ বার্তা দি মন্ত্রীগৰাকীয়ে কয় যে ডিজেল গাড়ীক লাহে লাহে বিদায় জনাব লাগিব৷ অন্যথা এই গাড়ীৰ দাম চৰকাৰে ইমানেই বঢ়াই দিব যে সেইবোৰ গাড়ী বিক্রী কৰাৰ ক্ষেত্রত সমস্যাত পৰিব নির্মাতা সংস্থাসমূহ৷ দেশৰ গাড়ী নির্মাতা সংস্থাবোৰৰ সংগঠন ‘ছ’চাইটী অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকছাৰার্ছ’ৰ ৬৩সংখ্যক বার্ষিক সন্মিলনত এই কথা ঘোষণা কৰে গাডকাৰীয়ে৷

You might also like