নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ মাহতে পাকিস্তান ক্রিকেট দলৰ প্রশিক্ষক পদ ত্যাগ গেৰী কার্ষ্টেনৰ

🔹 পাকিস্তান ক্রিকেটত পুনৰ অস্থিৰতা : ব’ৰ্ডৰে মতানৈক্য

ইছলামাবাদ, ২৯ অক্টোবৰ : পাকিস্তান ক্রিকেটৰ দুটাকৈ ডাঙৰ খবৰ৷ দেওবাৰে পাকিস্তান ক্রিকেট ব’র্ডে বাবৰ আজমৰ স্থানত উইকেটকীপাৰ–বেটাৰ মহম্মদ ৰিজৱানক নিযুক্তি দিয়ে বগা বলৰ অধিনায়ক হিচাপে৷ আনহাতে, ছমাহ পূর্বে নিযুক্তি লাভ কৰা দক্ষিণ আফ্রিকাৰ প্রাক্তন ক্রিকেটাৰ তথা পাকিস্তানৰ পুৰুষ ক্রিকেট দলৰ বর্তমানৰ বগা বলৰ মুখ্য প্রশিক্ষক গেৰী কার্ষ্টেনে পদত্যাগ কৰিছে৷ এই চুক্তিৰ ম্যাদ আছিল দুবছৰ, কিন্তু ছমাহ পিছতে চুক্তি ভংগ কৰে কার্ষ্টেনে৷ কার্ষ্টেনৰ পাকিস্তান ক্রিকেট ব’ৰ্ডৰ (পিচিবি) সৈতে আছিল মতভেদ৷ অৱশ্যে এই সন্দর্ভত পাকিস্তান ক্রিকেট ব’ৰ্ডৰ তৰফৰ পৰা প্রকাশ কৰা নাই কোনো আনুষ্ঠানিক বিবৃতি৷ পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীলৈ মাজত আছে মাত্র ৪ মাহ৷ তাৰ পূর্বে এনেধৰণৰ খবৰে স্বাভাৱিকতে পাকিস্তান ক্রিকেট ব’ৰ্ডত তুলিছে খলকনি৷ আইপিএল ফ্রেনচাইজী গুজৰাট টাহটানছৰ সৈতে পৃথক হোৱাৰ পিছত পিচিবিয়ে ২৮ এপ্রিলত গেৰী কার্ষ্টেনক পাকিস্তানৰ বগা বলৰ প্রশিক্ষক হিচাপে ঘোষণা কৰে৷ কার্ষ্টেনে প্রশিক্ষকৰ দায়িত্ব লোৱাৰ পিছত পাকিস্তানে আয়াৰলেণ্ডৰ বিৰুদ্ধে ২–১ৰ ব্যৱধানত টি–২০ শৃংখলা জিকিছিল৷ আনহাতে, ০–২ৰ ব্যৱধানত ইংলেণ্ডৰ বিৰুদ্ধে টি–২০ শৃংখলাত পৰাজিত হৈছিল দলটো৷ যাৰ বাবে জুনত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত টি–২০ বিশ্বকাপত ছুপাৰ–৮ৰ বাবে যোগ্যতা অর্জন কৰাত ব্যর্থ হয় পাকিস্তান৷ তেতিয়াৰে পৰা কার্ষ্টেনৰ পদত্যাগ সন্দর্ভত চলিছিল সৰৱ আলোচনা৷ ৰাষ্ট্রীয় নির্বাচকে ৰঙা বলৰ প্রশিক্ষক জেছন গিলেস্পী আৰু পাকিস্তানৰ প্রাক্তন পেচ বলাৰ আকিব জাভেদৰ নাম পৰৱর্তী বগা বলৰ প্রশিক্ষক হিচাপে নাম ঘোষণা কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like