নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজা এতিয়া পৃথিৱীৰ নৰকত পৰিণত হৈছে : ৰাষ্ট্রসংঘ

🔹 ৩৬ হাস্পতালৰ ২০খনৰে আন্তঃগাঁথনি বিধ্বস্ত

বিশেষ বাৰ্তা, ১১ নৱেম্বৰ : গাজাত হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে চলোৱা ইজৰাইলী সেনাৰ অভিযানত গাজা বিধ্বস্ত হৈ পৰিছে৷ সন্ত্রাসবাদীৰ সমান্তৰালকৈ সাধাৰণ নাগৰিকো ইজৰাইলী সেনাৰ আকাশীমার্গ আক্রমণত প্রাণ হেৰুৱাইছে৷ তথ্য মতে, শিশুসহ ১০ সহস্রাধিক পেলেষ্টাইনী লোক নিহত হোৱাৰ বিপৰীতে কেইবাসহস্ৰ আহত হৈছে ৷ ইজৰাইলী সেনাৰ আক্রমণৰ পৰা হাত সাৰি যোৱা নাই চিকিৎসালয়সমূহো ৷ গাজাৰ ৩৬খন হাস্পতালৰ ভিতৰত ইজৰাইলী সেনাৰ আক্রমণত ২০খনৰেই আন্তঃগাঁথনি বিধ্বস্ত হৈ পৰিছে ৷ কার্যতঃ অধিকাংশ হাস্পতালত স্বাস্থ্যসেৱা প্রায় বিকল হৈ পৰিছে৷ গাজাত চলা নৰসংহাৰ আৰু বিধ্বস্ত গাজাক পৃথিৱীৰ নৰক বুলি আখ্যা দিছে ৰাষ্ট্রসংঘৰ বিশ্ব স্বাস্থ্য সংস্থাই৷ পৃথিৱীত যদি এতিয়া নৰক আছে, সেয়া হৈছে গাজা৷ এই উদ্বেগজনক মন্তব্য আগবঢ়াইছে ৰাষ্ট্রসংঘৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে৷ উল্লেখনীয় যে যোৱা ৭ অক্টোবৰত গাজাশাসিত হামাছ সন্ত্রাসবাদীয়ে ইজৰাইলৰ ওপৰত ৰকেটেৰে আক্রমণ কৰাৰ পিছতে ইজৰাইলী সেনাই হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ উক্ত দিনাৰে পৰা গাজাৰ হামাছ সন্ত্রাসবাদীৰ ঘাটিসমূহত আকাশীমার্গেৰে বোমাবর্ষণ কৰাৰ সমান্তৰালকৈ পিছলৈ স্থলভাগেৰেও অভিযান চলাই আছে৷ ইজৰাইলী সেনাৰ আক্রমণত হামাছ সন্ত্রাসবাদীৰ লগতে পেলেষ্টাইনৰ ৪ সহস্রাধিক শিশুসহ ১০ হাজাৰতকৈ অধিক সাধৰণ নাগৰিক নিহত হোৱাক লৈ ইজৰাইলৰ বিৰুদ্ধে ৰাষ্ট্রসংঘৰ বিশ্ব স্বাস্থ্য সংস্থা সৰৱ হৈ আহিছে যদিও এই সমালোচনাক গুৰুত্ব দিয়া নাই ইজৰাইলে৷

You might also like