নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ এদিন পূর্বে নিহত গাজাৰ সাহসী সাংবাদিক

🔹 ইজৰাইলী নৃশংসতাৰ ছবি তুলি ধৰিছিল আন্তর্জাতিক মঞ্চত

নিউজ ডেস্ক, ২০ এপ্রিল : শৈশৱৰ পৰাই তেওঁ যুদ্ধ, মৃত্যু, ৰক্তপাত, আত্মীয়ক হেৰুওৱাৰ ক্রন্দন দেখি অভ্যস্ত৷ ভয়াৱহ এই পৰিস্থিতিৰ মাজত ডাঙৰ হৈ পৰৱর্তী সময়ত সেই দৃশ্য আৰু ঘটনাবোৰক বিশ্ব দৰবাৰলৈ পঠিয়াই দিয়াৰ কাম আৰম্ভ কৰিছিল তৰুণীয়ে৷ ২৫ বছৰীয়া এই তৰুণীৰ নাম ফাতিমা হাছৌনা৷ গাজাৰ চিত্র সাংবাদিক৷

শেহতীয়াকৈ ইজৰাইলী বোমাবর্ষণত মৃত্যু হৈছে ফাতিমাৰ৷ যুদ্ধবিধ্বস্ত গাজাৰ এখনৰ পিছত এখন ছবি আন্তর্জাতিক মঞ্চত তুলি ধৰিছে ফাতিমাই৷ প্রতিমুহূর্তত মৃত্যুক সংগী কৰি ঘূৰি ফুৰিছিল এই তৰুণীয়ে৷ সঘনে মন্তব্য কৰিছিল তেওঁ যে আজি নহ’লেও কাইলৈ মৃত্যু অৱধাৰিত৷ কিন্তু নিজৰ সেই বিপদসংকুল কাম বন্ধ কৰা নাছিল ফাতিমাই৷ গাজাৰ ইটো প্রান্তৰ পৰা সিটো প্রান্তলৈ গৈ কেৱল ইজৰাইলী নৃশংসতাৰ ছবি তুলিছিল ফাতিমাই৷ ইজৰাইলী সেনাৰ চকুলৈ ভয় নকৰি গাজাৰ ওপৰত চলি থকা অত্যাচাৰৰ বার্তা আন্তর্জাতিক মঞ্চলৈ বিয়পাই দিছিল তৰুণীয়ে৷

মৃত্যুৰ কেইদিনমান পূর্বে ফাতিমাই কৈছিল– ‘মোৰ যদি মৃত্যু হয়, তেন্তে সেয়া মাত্র ব্রেকিং নিউজৰ ভিতৰত সীমাবদ্ধ নাথাকে৷ এই মৃত্যু সমগ্র বিশ্বই দেখিব আৰু ইয়াৰ প্রভাৱ বিশ্বজুৰি পৰিব৷’ দুর্ভাগ্যজনকভাৱে নিজৰ বিয়াৰ এদিন পূর্বে পৰিয়ালৰ দহ সদস্যসহ বুধবাৰে ইজৰাইলী বোমাত মৃত্যু হয় এই সাহসী সাংবাদিকৰ৷

You might also like