বিজ্ঞানৰ চমৎকাৰ, ১২,৫০০ বছৰ পূর্বে বিলুপ্ত প্রাণীৰ পুনৰ জীৱন, জেনেটিক ইঞ্জিনীয়াৰিঙেৰে জন্ম দিলে ডায়াৰ উল্ফ
📌 ৰমুলাছ–ৰেমুছ নামৰ দুই ডায়াৰ উল্ফকলৈ বিশ্বজুৰি বিজ্ঞানী মহলত চাঞ্চল্য
📌 টেক্সাছস্থিত কলোছেল বায়’ছায়েঞ্চৰ এই সাফল্য
📌 প্রাচীন ডিএনএ ব্যৱহাৰ কৰি জন্ম দিছে এই দুই প্রাণীক
নিউজ ডেস্ক, ৯ এপ্রিলঃ বিজ্ঞান আৰু বিজ্ঞানীৰ চমৎকাৰ৷ ১২,৫০০ বছৰ পূর্বে পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা প্রাণীৰ পুনৰ জীৱন৷ জেনেটিক ইঞ্জিনীয়াৰিঙেৰে ১২,৫০০ বছৰ পূর্বে পৃথিৱীৰ পৰা হেৰাই যোৱা ডায়াৰ উল্ফ জন্ম দিলে বিজ্ঞানীয়ে৷ ৰমুলাছ আৰু ৰেমুছ নামৰ দুই ডায়াৰ উল্ফক লৈ বিশ্বজুৰি বিজ্ঞানীৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্রায় ছমহীয়া এই দুই প্রাণীৰ উচ্চতা ৪ ফুট আৰু ওজন ৩৬ কিলোগ্রামতকৈ অধিক৷ টেক্সাছস্থিত কলোছেল বায়’ছায়েঞ্চ নামৰ কোম্পানী এটাই প্রাচীন ডিএনএ ব্যৱহাৰ কৰি ডায়াৰ উল্ফৰ পোৱালি জন্ম দি সফলতা লাভ কৰিছে৷ বিজ্ঞানীয়ে প্রকাশ কৰা মতে, ডায়াৰ উলফ্ৰ নিকট সম্পর্কীয় প্রাণীৰ ডিএনএ ব্যৱহাৰ কৰি এই পোৱালি দুটাৰ জন্ম দিয়া হৈছে৷ এসময়ত দক্ষিণ আমেৰিকাত বিচৰণ কৰি থকা এই প্রাণীবিধ ১২,৫০০ বছৰ পূর্বে বিলুপ্তি ঘটিছিল৷ কলোছেলৰ সহঃ প্রতিষ্ঠাতা জর্জ ছার্চে প্রকাশ কৰা মতে, বিজ্ঞানীসকলৰ এই সফলতাই বিশ্বত প্রাণীৰ পুনৰ জীৱনৰ ধাৰণাটিক নতুনকৈ গতি দিব৷ হার্ভার্ড বিশ্ববিদ্যালয় আৰু মাছাছুছেট ইনষ্টিটিউট অৱ টেকনল’জী জেনেটিকছৰ অধ্যাপক তথা কলোছেলৰ অন্যতম প্রতিষ্ঠাতা জর্জ ছার্চে টাইম মেগাজিনত এই সন্দর্ভত বিতং ব্যাখ্যা আৰম্ভ কৰে৷ জন্মৰ কিছুদিনলৈ পোৱালি দুটাক আন নিকট সম্পর্কীয় প্রাণীৰ দ্বাৰা খাদ্য সেৱন কৰোৱা হৈছিল যদিও পাছলৈ কলোছেলৰ গৱেষকৰ দলে বটলেৰে খাদ্য সেৱন কৰোৱায়৷ বর্তমান দুয়োটা পোৱালিয়েই সুস্থাস্থ্যৱান হৈ আছে৷ তাৎপর্যপূর্ণ যে বর্তমান পৃথিৱীত বর্তি থকা উল্ফ প্রজাতিতকৈ পোৱালি দুটাৰ আচৰণ পৃথক৷ সম্প্রতি এই পোৱালি দুটাক ৰাজহুৱাভাৱে প্রদর্শন কৰা হোৱা নাই৷ ৰমুলাছ আৰু ৰেমুছক মানৱৰ পৰা আঁতৰাই ৰখা হৈছে৷ আনকি জন্মৰ পৰা যিজন লোকে এই পোৱালি পালন কৰিছে, সেই ব্যক্তিজনকো এটা দূৰত্বত ৰখা হৈছে৷ কলোছেলৰ আন এক প্রতিষ্ঠাতা বেন লেমে প্রকাশ কৰা মতে, পোৱালি দুটা জন্ম দিবলৈ বিজ্ঞানীৰ দলটোৱে ১৩ হাজাৰ বছৰ পুৰণি দাঁত আৰু ৭২ হাজাৰ পুৰণি লাওখোলাৰ ডিএনএ ব্যৱহাৰ কৰিছে৷ পোৱালি দুটাক দুই হাজাৰ একৰ ভূমিৰ এক অজ্ঞাত স্থানত লালন–পালন কৰি থকা হৈছে৷ ১০ ফুট উচ্চতাৰ কাঁইটীয়া তাঁৰৰ বেৰৰ মাজত নিৰাপদে ৰখা পোৱালি দুটাক নিৰীক্ষণ কৰিবলৈ নিৰাপত্তা বাহিনীৰ লগতে ড্রোন আৰু কেমেৰা সংলগ্ণ কৰা হৈছে৷ সংবাদ মাধ্যমত দুটা পোৱালি বুলি প্রচাৰ হৈছে যদিও মুঠ তিনিটা পোৱালি জন্ম দিয়া হৈছে৷ এই পোৱালিকেইটাৰ প্রথম দুটা মতা ২০২৪ চনৰ ১ অক্টোবৰত আৰু আনটো মাইকী ২০২৫ চনৰ ৩০ জানুৱাৰীত জন্মলাভ কৰিছে৷ স্মর্তব্য যে টেছলাৰ মুৰব্বী ধনকুবেৰ এলন মাস্কে সামজিক মাধ্যমযোগে এই পোৱালিৰ প্রচাৰ কৰি উৎসাহিত হৈছে৷