নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীর্ঘদিনীয়া প্রেমিকৰে বিচ্ছেদ জর্জিয়া মেলোনিৰ

🔹 মহিলা সহকর্মীক শাৰীৰিক সম্পর্ক স্থাপনৰ প্রস্তাৱ : ক্ষুব্ধ ইটালীৰ প্রধানমন্ত্রী

বিশেষ বাৰ্তা, ২১ অক্টোবৰ : ইটালীৰ প্রধানমন্ত্রী জর্জিয়া মেলোনিয়ে দীর্ঘদিনীয়া প্রেমিক আন্দ্রে গিয়ামব্রুনোৰ সৈতে বিচ্ছেদ ঘোষণা কৰিছে৷ পূর্বৰে পৰা বিতর্কিত মন্তব্য কৰি আহিছে আন্দ্রেই৷ এইবাৰ পুনৰ অসংযত মন্তব্যৰ অভিযোগত আন্দ্রেৰ সৈতে বিচ্ছেদ ঘটাবলৈ বাধ্য হয় মেলোনি৷ উল্লেখনীয় যে তেওঁলোক দুয়োৰে আছে ৭ বছৰীয়া এগৰাকী কন্যা৷ টেলিভিছন সাংবাদিক আন্দ্রেই মহিলা সহকর্মীসকলৰ সৈতে বার্তালাপৰ সময়ত কুৰুচিকৰ মন্তব্য কৰিছিল৷ অতি অশালীন ভাষা ব্যৱহাৰ কৰাৰ বাবেই অতিষ্ঠ হৈ প্রধানমন্ত্রী মেলোনিয়ে আন্দ্রেৰ সৈতে বিচ্ছেদ ঘটোৱাৰ সিদ্ধান্ত লয়৷ উল্লেখনীয় যে ১০ বছৰ ধৰি তেওঁলোকে একেলগে আছে যদিও তেওঁলোকৰ মাজত বিবাহ সম্পন্ন হোৱা নাছিল৷ মহিলা সহকর্মীসকলক শাৰীৰিক সম্পর্ক স্থাপনৰ প্রস্তাৱ দিয়াৰো অভিযোগ উঠিছিল আন্দ্রেৰ বিৰুদ্ধে৷

You might also like