নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অদ্ভুত! চুলি কটাৰ বাবে ১০ হাজাৰ কিলোমিটাৰ যাত্ৰা, ১৭ লাখ খৰচ এগৰাকী যুৱতীৰ

নিয়মীয়া বাৰ্তা, ১জুলাইঃ চুলিৰ ষ্টাইলৰ বাবে মানুহে কি যে নকৰে? কাৰণ, চুলিয়ে লুকটোক আৰু অধিক ষ্টাইলিচ কৰি তোলে। কিন্তু যদি কোনোবাই আকাংক্ষিত চুলি কটাৰ বাবে ১৭ লাখতকৈ অধিক টকা খৰচ কৰে, তেন্তে তাক কি বুলি অভিহিত কৰিব আপুনি! হয়, এনে এক উন্মাদনাৰ বাবেই আমেৰিকাৰ এগৰাকী যুৱতী ব্রায়ান এলিছে চুলি কটাৰ বাবে আমেৰিকাৰ পৰা তুৰস্কলৈ ১০ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰিছিল। লাখ টকা খৰচ কৰি তেওঁ চুলি কাটিছিল আৰু তাৰ পিছত নিজৰ দেশলৈ উভতি আহি কয় যে সকলো সস্তীয়াকৈয়ে হৈ গ’ল।

চুলি কটাৰ বাবে ৩ লাখ টকা বিচাৰিছিল আমেৰিকান চেলুনে…

ব্রায়ান এলিছে কয় যে তেওঁ আমেৰিকাৰ এখন চেলুনত তেওঁৰ প্রিয় চুলি কটা ষ্টাইলটোৰ এখন ফটো দেখুৱাইছিল। তাৰ পাছত চেলুনৰ ল’ৰাজনে তেওঁক চুলি কটাৰ বাবে ৩.১২ লাখ টকা লাগিব বুলি ক’লে। এই কাৰণেই ব্রায়ানে ১০ হাজাৰ কিলোমিটাৰ দূৰৈৰ তুৰস্কলৈ যোৱাৰ সিদ্ধান্ত লয়। তাৰ পিছত তেওঁ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে আৰু লিখে- ‘যেতিয়া আপোনাক আমেৰিকাত আপুনি বিচৰাধৰণে চুলি কটাৰ বাবে ৪০০০ ডলাৰ বিচাৰিব, তেতিয়া আপুনি তুৰস্কলৈ উৰা মাৰিব।’

চুলিৰ ট্ৰিটমেণ্টত ৮ ঘণ্টা সময় লাগিল

ব্রায়ানে ক’লে যে তুৰস্কৰ এজন ষ্টাইলিছে মই বিচৰা চুলি কাটিব পাৰে আৰু মই বিচৰা লুকটো দিব পাৰে৷ গতিকে মই তুৰস্কলৈ গৈছিলো আৰু মোৰ চুলিৰ ট্ৰিটমেণ্ট ৮ ঘণ্টা সময় লাগিছিল। এই সময়ছোৱাত মোৰ চুলিত ব্লেণ্ডিং, টোনিঙৰ বাবে ভাল মানৰ ২৪টা হেয়াৰ এক্সটেনচন প্ৰয়োগ কৰা হৈছিল। এই সকলোবোৰৰ বাবে মই মাত্ৰ ৩৫ হাজাৰ টকা দিবলগীয়া হৈছিল। কিন্তু আমেৰিকাৰ পৰা তুৰস্কলৈ বিমান যাত্ৰা, তুৰস্কত দুসপ্তাহ থকাৰ লগতে চুলিৰ ট্ৰিটমেণ্টতৰ বাবদ ব্রায়ানে ২২ হাজাৰ ডলাৰ খৰচ কৰিছিল, যিটো ভাৰতীয় টকাৰ হিচাপত ১৭.১৬ লাখ টকা হয়।

You might also like