নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাইৰেল হ’বলৈ যুৱকে বিয়া কৰালে ছাগলীক

নিয়মীয়া বাৰ্তা, ১জুলাইঃ হয়, ভাইৰেল হ’বলৈ এজন লোকে বিয়া কৰাইছে ছাগলীক। এই বিবাহত যৌতুক হিচাপে দিয়া হৈছে ১১৭ টকা। কিন্তু বিষয়টো চাৰিওফালে বিয়পি পৰাত লোকজনে তেওঁৰ আচৰণৰ বাবে ক্ষমা খুজি ভবিষ্যতে ভাইৰেল হ’বলৈ তেনে কোনো কাম নকৰো বুলি কয়৷

ছাগলীক বিয়া কৰোৱা এই ব্যক্তিজনৰ নাম ছাইফুল আৰিফ আৰু তেওঁৰ বয়স ৪৪ বছৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৫ জুনত বেনজেং জিলাৰ ক্লামপক গাঁৱত ছাগলীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ছাইফুল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বিবাহৰ ভিডিঅ’।

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে কইনাগৰাকীক চাদৰেৰে ঢাকি থোৱা আছে আৰু স্থানীয় ৰাইজে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি বিবাহ অনুষ্ঠানত উপস্থিত থাকে। কিন্তু সকলো কথা পোহৰলৈ অহাত এই বিষয়ত হুলস্থুলৰ সৃষ্টি হয় আৰু অৱশেষত ছাইফুলে ক্ষমা খুজে। তেওঁ কয় যে তেওঁ এজন ইউটিউবাৰ আৰু তেওঁ মনোৰঞ্জনৰ বাবেই এনে কৰিছিল।

You might also like