পূর্বতকৈ ৬৫ শতাংশ দ্রুতগতিত গলিছে হিমবাহ
🔹 হিমালয়ত গোলকীয় উষ্ণতাৰ ভয়াৱহ প্রভাৱ, ব্রহ্মপুত্রসহ ১০ নদীৰ ভৱিষ্যৎ অনিশ্চিত
বিশেষ বাৰ্তা, ২১ জুনঃ হিমালয়ৰ হিমবাহ গলি আছে দ্রুতগতিত৷ সেই গলনৰ গতি ইমানেই দ্রুত যে এটাৰ পাছত এটাকৈ হিমবাহৰ অস্তিত্ব বিলুপ্ত হৈছে৷ এই সম্পর্কীয় বিভিন্ন সমীক্ষাৰ প্রতিবেদন দেখি বিজ্ঞানীসকলৰ চিন্তা বাঢ়িছে৷ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি, ২০১১ৰ পৰা ২০২০ৰ ভিতৰত এটা দশকত বৰফ যি গতিত গলিছে, তাৰ পূর্বৰ দশকৰ তুলনাত সেয়া ৬৫ শতাংশ বেছি৷ অর্থাৎ হিমবাহৰ বৰফ গলনৰ গতি এটা দশকত ৬৫ শতাংশ বৃদ্ধি পাইছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে পাহাৰ–পর্বতত জমা হৈ থকা বৰফ গলিবই, ইয়াত কোনো অস্বাভাৱিকতা নাই৷ কিন্তু হিমালয়ৰ ক্ষেত্রত যি বিষয়টো আটাইতকৈ উদ্বেগৰ, সেয়া হৈছে এই গলনৰ গতি৷ হিন্দুকুশ হিমালয়ৰ হিমবাহসমূহে প্রতিদিনে ২৪ কোটি মানুহৰ প্রয়োজনীয় পানী যোগাই আহিছে৷ ইয়াৰ উপৰি বিভিন্ন নদী উপত্যকাত বসবাস কৰা ১৬৫ কোটি মানুহ পৰোক্ষভাৱে হিমালয়ৰ হিমবাহৰ ওপৰত নির্ভৰশীল৷ বর্তমানৰ হাৰত বৰফ গলি থাকিলে হিমালয়ৰ হিমবাহসমূহৰ ৮০ শতাংশ অস্তিত্ব বিলুপ্ত হ’ব৷ ইয়াৰ ফলত অনিশ্চয়তাৰ মুখত পৰিব হিমালয়ৰ পৰা ওলোৱা ১০খন প্রধান নদী আৰু ইয়াৰ উপনদী তথা শাখাসমূহ৷ এই নদীসমূহৰ ভিতৰত আছে– গংগা, সিন্ধু, ব্রহ্মপুত্র, মেকং, ইৰাৱতী আদি৷ এই নদীসমূহৰ পানীৰ উৎস হৈছে হিমালয়ৰ হিমবাহ৷