ট্রাম্পৰ প্রাক্তন বোৱাৰীৰে প্রেম গ’ল্ফাৰ টাইগাৰ উডছৰ
🔹 ভেনাছাৰ সৈতে প্রণয়ৰ সম্পর্কৰ কথা জনালে সর্বকালৰ শ্রেষ্ঠ গ’ল্ফাৰে
নিউজ ডেস্ক, ২৫ মার্চ : খেলৰ উপৰি বিভিন্ন সময়ত অন্য কাৰণত শিৰোনাম দখল কৰি আহিছে কিংবদন্তি গ’ল্ফাৰ টাইগাৰ উডছে৷ আনকি বিভিন্ন সময়ত বহু বিতর্কতো জড়িত হৈ পৰিছে গ’ল্ফাৰগৰাকী৷ এইবাৰ অন্য এক কাৰণত পুনৰ টাইগাৰ উডছ সংবাদ মাধ্যমৰ চর্চালৈ আহিছে৷ নিজৰ প্রেমৰ কথা নিজেই সকলোকে জনাই দিলে বিশ্বৰ সর্বকালৰ শ্রেষ্ঠ গ’ল্ফাৰগৰাকীয়ে৷ বহুদিন ধৰি শুনিবলৈ পোৱা গৈছিল যে টাইগাৰ উডছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ প্রাক্তন বোৱাৰী ভেনাছাৰ সৈতে প্রণয়ৰ সম্পর্ক গঢ়ি তুলিছে৷ এইবাৰ সেই কথা নিজেই প্রকাশ কৰিলে উডছে৷ ২০০৫ চনত ট্রাম্পৰ জ্যেষ্ঠ পুত্র ড’নাল্ড জন ট্রাম্প জুনিয়ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ভেনাছা৷ তেওঁলোকৰ আছে ৫টা সন্তান৷ একাধিকবাৰ বিবাহ বহির্ভূত সম্পর্ক গঢ়ি তুলি বিতর্কৰ সৃষ্টি কৰা টাইগাৰ উডছে এইবাৰ ভেনাছাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব নে নাই, সেই কথা অৱশ্যে স্পষ্ট কৰা নাই৷