নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীঘল চুলিৰে গীনিজ ৱর্ল্ড ৰেকর্ড উত্তৰ প্রদেশৰ কিশোৰৰ

🔹 ছিদাকদীপৰ চুলিৰ দৈর্ঘ্য ৪ ফুট ৩ ইঞ্চি

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : এসময়ত দীঘল চুলি আছিল নাৰীৰ ঐশ্বর্য৷ এতিয়া বহু পুৰুষেও দীঘল চুলি ৰখা দেখিবলৈ পোৱা যায়৷ শেহতীয়াকৈ দীঘল চুলিৰ বাবে গীনিজ বুকত নাম খোদিত কৰিবলৈ সক্ষম হ’ল উত্তৰ প্রদেশৰ এজন কিশোৰে৷ উত্তৰ প্রদেশৰ গ্রেটাৰ নয়ডাৰ বাসিন্দা ১৫ বছৰীয়া শিখ কিশোৰজনৰ নাম ছিদাকদীপ সিং ছাহাল৷ ধর্মীয় ৰীতিৰ বাবেই জন্মৰ পৰা কেতিয়াও চুলি কটা নাই কিশোৰজনে৷ ডেৰ দশক ধৰি বাঢ়ি বাঢ়ি এই চুলিৰ দৈর্ঘ্য হৈছে ৪ ফুট ৩ ইঞ্চি৷ পুৰুষ হিচাপে আটাইতকৈ দীঘল চুলিৰে অভিলেখ গঢ়িছে ছিদাকদীপ সিং ছাহালে৷ সেইবাবে গীনিজ ৱর্ল্ড ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে উত্তৰ প্রদেশৰ এই কিশোৰজনে৷

You might also like