নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰষুণত বিপৰ্যস্ত গুজৰাট, বজ্ৰপাতত এদিনতে ২০জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : গুজৰাটত হোৱা ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰপাতত এদিনতে কমেও ২০জন লোকৰ প্ৰাণহানি হয়। ধাৰাসাৰ বৰষুণৰ ফলত পশুধনৰ লগতে কৃষিতো যথেষ্ট লোকচান হয়। তদুপৰি বেয়া বতৰৰ বাবে কেইবাখনো বিমানৰ সেৱাও বিলম্ব হৈছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, সোমবাৰৰ পৰা বৰষুণৰ তীব্ৰতা হ্ৰাস পাব পাৰে। জানিব পৰা মতে, গুজৰাটত দেওবাৰে ব্যাপক বৰষুণ হয়। কেইবাটাও অঞ্চলত বজ্ৰপাতৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পায়। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দহোদ অঞ্চল। উক্ত অঞ্চলতে চাৰিজন লোকৰ মৃত্যু হয়। ৰাজ্যখনৰ জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি, দেওবাৰে নিশা ১১ বজালৈকে ২০জন লোকৰ মৃত্যু হৈছে। প্ৰাণ হেৰুৱাইছে কমেও ৪০টা গৰুৱে। মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি অমিত শ্বাহে শোক প্ৰকাশ কৰে। এক্স হেণ্ডেলত তেওঁ লিখিছে- ‘বেয়া বতৰ আৰু বজ্ৰপাতৰ বাবে গুজৰাটত বহু লোকৰ মৃত্যুৰ খবৰ পাই মই দুখী হৈছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ইতিমধ্যে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।”

You might also like