নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ বিদ্যালয়ত আৰম্ভ বন্দুক–গ্রেনেড–ড্র’নচালনাৰ প্রশিক্ষণ

🔹 যুদ্ধবাজ ৰাষ্ট্রপতি পুটিনে এইবাৰ যুদ্ধলৈ সাজু কৰিছে শিক্ষার্থী

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : ইউক্রেইনৰ সৈতে যুদ্ধ চলি থকাৰ মাজতে ৰাছিয়াই পাঠ্যক্রমত অন্তর্ভুক্ত কৰিলে বন্দুকচালনাকে ধৰি ড্র’নৰ সৈতে মোকাবিলাৰ প্রশিক্ষণ৷ সমগ্র বিশ্ববাসীক আশ্চর্যচকিত কৰি ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনে বিদ্যালয়ৰ পাঠ্যক্রমসমূহত অন্তর্ভুক্ত কৰিলে সামৰিক প্রশিক্ষণৰ পাঠ্যক্রম৷ ৰাছিয়াই ৰাষ্ট্রীয় শিক্ষা দিৱস উদযাপনৰ দিনাই ৰাষ্ট্রপতি ভ্লাদিমিৰি পুটিনে নিজেই বিদ্যালয়লৈ গৈ দিয়ে শিক্ষার্থীক বন্দুকচালনা, গ্রেনেড নিক্ষেপ আৰু গ্রেনেড–ড্র’নৰ সৈতে মোকাবিলা কৰাৰ প্রশিক্ষণ৷ বিদ্যালয়ত সামৰিক প্রশিক্ষণৰ পাঠ্যক্রম অন্তর্ভুক্ত কৰাৰ প্রক্রিয়া ১ ছেপ্টেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ পিছত ৰাষ্ট্রপতি পুটিনে নিজেই বিদ্যালয়লৈ গৈ এই পাঠ্যক্রমৰ প্রশিক্ষণ দিয়ে৷ ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রীয়ে কিছুদিন পূর্বে বিদ্যালয়ৰ পাঠ্যক্রমত সামৰিক প্রশিক্ষণ অন্তর্ভুক্ত কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই বিদ্যালয়লৈ গৈ ৰাষ্ট্রপতিয়ে এই প্রশিক্ষণত অংশ লোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিদ্যালয়ৰ শিক্ষার্থীক সামৰিক প্রশিক্ষণ, বিশেষকৈ বন্দুক চলোৱা, গ্রেনেড নিক্ষেপ কৰা আদি প্রশিক্ষণ দিয়া সন্দর্ভত ৰাষ্ট্রপতি পুটিনক কঠোৰভাৱে সমালোচনা কৰি গ্রেট ব্রিটেইনৰ এলবিচিয়ে কয়– পুটিন ক্রমান্বয়ে অকলশৰীয়া হৈ গৈ আছে৷ এনে কাৰণতে বিদ্যালয়ৰ পাঠ্যক্রমত বন্দুকচালনাৰ দৰে বিষয় সন্নিৱিষ্ট কৰিছে৷ পুটিন কেৱল ইউৰোপৰ বাবেই নহয়, সমগ্র বিশ্বৰ বাবেই এক ভয়াৱহ ব্যক্তি৷ ৰাছিয়াৰ বাবেও ভয়াৱহ হৈ উঠিছে পুটিন৷ ইউক্রেইনত এতিয়ালৈকে সফলতাৰ মুখ নেদেখাৰ বাবেই পুটিনে অদ্ভুত আচৰণ কৰিবলৈ লৈছে৷

You might also like