নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্দুক হ’ল বাদ্যযন্ত্র ! কেৰলেৰে বিশ্বলৈ বার্তা ইউক্রেইনী সেনাৰ

🔹 বৰদিনত যুদ্ধক্ষেত্রৰ মাজৰ পৰা মৃত্যুশীতল চহৰত ‘কেৰল অৱ দ্য বেলছে’

নিউজ ডেস্ক, ২৬ ডিচেম্বৰ : তাপমাত্রা নামিছে মাইনাছলৈ৷ এয়াতো ছাণ্টাক্লজৰ শুভ্র দাড়িৰ দৰে বৰফৰ ঋতু৷ পাইন, ছাইপ্রাছ, ফাৰ গছ যেন খ্রীষ্টমাছ ট্রী৷ অন্ধকাৰ আকাশত নক্ষত্রৰ শোভা আৰু বতাহত ভাহি আহিছে জিংগল বেল৷ এনে সময়তে বন্দুক হৈ উঠিছে বাদ্যযন্ত্র! বাৰুদৰ গোন্ধ, তেজ, মৃত্যুক অতিক্রম কৰি সেনাৰ ব্রেণ্ডৰ খ্রীষ্টমাছ কেৰলৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত৷ ইউক্রেইনৰ সেনাই খ্রীষ্টমাছ কেৰলেৰে বিশ্বজুৰি জনতাৰ হূদয় জিনিবলৈ সক্ষম হৈছে৷ ২০২২ চনৰ ২৪ ফেব্রুৱাৰীত ৰাছিয়াই ইউক্রেইনৰ বিৰুদ্ধে আৰম্ভ কৰিছিল সামৰিক অভিযান৷ প্রাণ বচাবলৈ হাজাৰ হাজাৰ ইউক্রেইনী নাগৰিকে প্রতিৱেশী দেশলৈ পলায়ন কৰিছে৷ ইয়াৰ ফলত বহু চহৰ এতিয়া জনশূন্য৷ ক্ষেপণাস্ত্রৰ আক্রমণত ভাগি পৰা ঘৰবোৰ এতিয়া পৰিত্যক্ত৷ যীশুৰ জন্মোৎসৱ উপলক্ষেও নীৰৱ হৈ থকা নাই ৰাছিয়া৷ উৎসৱৰ মাজতে বাৰে বাৰে বোমা–ক্ষেপণাস্ত্রৰে আঘাত হানিছে ইউক্রেইনৰ মাটিত৷ আনকি পূব ইউক্রেইনৰ চহৰ প’ক্র’ভস্কত পুটিনৰ সেনাই মোক্ষম আঘাত হানিছে৷ এই চহৰখনৰ সৈতে জড়িত হৈ আছে খ্রীষ্টমাছ কেৰলৰ বিশেষ সম্পর্ক৷ প’ক্র’ভস্ক চহৰতেই জন্ম বিশ্বৰ অন্যতম জনপ্রিয় ‘কেৰল অৱ দ্য বেলছে’ৰ৷ সেইবাবে মৃত্যু উপত্যকাত থাকিও ইউক্রেইনী সেনাৰ মিউজিক বেণ্ডে বজাইছে কেৰল৷ প্রতীকী হিচাপে দেখিবলৈ পোৱা গৈছে বাদ্যযন্ত্রৰ ৰূপত বন্দুকক৷ সেনা–কর্মীসকলে ৰুছ বাহিনীৰ ভয়াৱহ আক্রমণৰ মাজতো খ্রীষ্টমাছ কেৰলেৰে বিশ্ববাসীক মোহিত কৰি তুলিছে৷ প্রচণ্ড শীতৰ মাজত ৰাছিয়াই সঘনে ইউক্রেইনৰ বিদ্যুৎ কেন্দ্রসমূহত চলাইছে আক্রমণ৷

You might also like