নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত ইজৰাইলৰ বোমাবর্ষণত নিহত হামাছৰ কমাণ্ডাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ জানুৱাৰীঃ এইবাৰ ইজৰাইলী বিমান আক্রমণত নিহত হ’ল পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ অন্যতম শীর্ষনেতা আব্দ আল–হাদি ছাবা৷ এই দাবী কৰিছে ইজৰাইলে৷ ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত সংঘটিত আক্রমণৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল ছাবা৷ ইজৰাইলৰ সেনা সূত্রই সদৰী কৰা অনুসৰি হামাছৰ এলিট বাহিনী ‘নুখবা’ৰ অন্যতম শীর্ষ কমাণ্ডাৰ আছিল ছাবা৷ শেহতীয়াকৈ গাজাত বিমানেৰে চলোৱা বোমাবর্ষণত এই হামাছ কমাণ্ডাৰগৰাকীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ইজৰাইলী সেনাই৷ স্মর্তব্য যে ইজৰাইলত আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছিল ছাবাই৷ সেই সময়ত কেইবাটাও অপহৰণ আৰু হত্যাৰ ঘটনাতো ছাবাৰ নাম জড়িত হৈ পৰিছিল৷ ইজৰাইলী সেনাই দাবী কৰা অনুসৰি গাজাৰ খান ইউনিছৰ মানৱাধিকাৰ অঞ্চলৰ এক আশ্রয় শিবিৰত আত্মগোপন কৰি আছিল ছাবাই৷ এই শিবিৰৰ পৰাই হামাছৰ বিভিন্ন কাম–কাজ পৰিচালনা কৰিছিল কমাণ্ডাৰগৰাকীয়ে৷ ছাবাক হত্যা কৰাটো ইজৰাইলী বাহিনীৰ বিশেষ সফলতা বুলি দেশখনৰ চৰকাৰে দাবী কৰিছে৷ ইয়াৰ পূর্বে গাজাত নিহত হৈছিল ‘নুখবা’ৰ অন্য এগৰাকী কমাণ্ডাৰ বিলাল আল–কেদৰা৷ লক্ষণীয়ভাৱে গাজাত ইতিমধ্যে হামাছৰ কেইবাগৰাকীও শীর্ষ নেতাক হত্যা কৰিছে ইজৰাইলী সেনাই৷

You might also like