নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলৰ আক্রমণত নিহত হামাছৰ মুৰব্বী য়াহিয়া ছিনৱাৰ

🔹 ড্রোনৰ ফুটেজ প্রচাৰৰ পাছতে বিশ্বজুৰি চাঞ্চল্য

নিউজ ডেস্ক, ১৯ অক্টোবৰ : এবছৰ ধৰি অভিযান চলাই অৱশেষত গাজাৰ ৰাফাত সন্ত্রাসবাদী সংগঠন হামাছৰ মুৰব্বী য়াহিয়া ছিনৱাৰক হত্যা কৰিবলৈ সক্ষম হ’ল ইজৰাইল৷ বিগত বর্ষৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত ভয়াৱহ আক্রমণৰ মাষ্টাৰ মাইণ্ড হামাছৰ মুৰব্বী য়াহিয়া ছিনৱাৰে আত্মগোপন কৰি থকা ৰাফাৰ অট্টালিকাত ইজৰাইলী সেনাই প্রচণ্ড আক্রমণ চলোৱাত নিহত হৈছে হামাছৰ মুৰব্বী৷ ইজৰাইলী সেনাই বিধ্বস্ত অট্টালিকাটোৰ ভিতৰত মৃত অৱস্থাত ছোফাত থকা ছিনৱাৰৰ ড্রোনৰ ভিডিঅ’ ফুটেজ প্রচাৰ কৰি হামাছৰ মুৰব্বী নিহত হোৱাৰ নিশ্চিত তথ্য প্রকাশ কৰিছে৷ যোৱা বর্ষৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত চলোৱা আক্রমণৰ পাছতেই ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি গাজাত সামৰিক অভিযান চলাই আছে৷ আকাশী মার্গৰ সমান্তৰালকৈ স্থলভাগেৰেও গাজাত প্রৱেশ কৰি ইজৰাইলী প্রতিৰক্ষা বাহিনীয়ে হামাছৰ সদস্যক বিচাৰি অভিযান চলাই হত্যালীলা চলাই আছে৷ এবছৰ ধৰি হামাছৰ মুৰব্বী ছিনৱাৰৰ সন্ধানত অভিযান চলাই থকা ইজৰাইলী সেনাই অৱশেষত পৰহি সাফল্য লাভ কৰে৷ ৭ অক্টোবৰত ইজৰাইলৰ আক্রমণৰ পাছতেই আত্মগোপন কৰি থকা ছিনৱাৰৰ সন্ধানত ইজৰাইলী সেনাই বিভিন্ন পন্থাৰে সন্ধান কৰি আছিল৷ পৰহি ৰাফাৰ তাল অল চুলতানত ইজৰাইলী প্রতিৰক্ষা বাহিনীৰ ৮২৮ সংখ্যক বিছলামাছ ব্রিগেডে পেট্র’লিং কৰি থকা অৱস্থাত হামাছৰ ৩ সন্ত্রাসবাদী চিনাক্ত কৰে৷ সন্ত্রাসবাদী তিনিটাই ইজৰাইলী বাহিনীৰ সৈতে সংঘর্ষত লিপ্ত হয় আৰু এই সংঘর্ষত তিনিওটা হামাছ সন্ত্রাসবাদী নিহত হয়৷ ইয়াৰ পাছতেই ইজৰাইলী বাহিনীয়ে ওচৰতে থকা অট্টালিকাত ভয়াৱহ আক্রমণ চলায়৷ এই আক্রমণত অট্টালিকাটো বিধ্বস্ত হয় আৰু তিনি সন্ত্রাসবাদীৰ সৈতে হামাছৰ মুৰব্বী ছিনৱাৰ নিহত হয়৷ হামাছৰ মুৰব্বীৰ মৃত্যুৰ পাছতো গাজাত যুদ্ধ সমাপ্ত নহয় বুলি ঘোষণা কৰিছে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যেহুৱে৷ মন কৰিবলগীয় যে বিগত বর্ষৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত ভয়াৱহ আক্রমণ চলোৱা হামাছৰ মুৰব্বী ৬১ বছৰীয়া য়াহিয়া ছিনৱাৰে গাজা ষ্ট্রিপত সুৰংগত আত্মগোপন কৰি আছিল৷ কেইবাজনো দুর্ধর্ষ হামাছ সদস্যৰ বেষ্টনীত থকা ছিনৱাৰে অধিক সময় সুৰংগত থাকিলেও ঘনে ঘনে স্থান সলনি কৰিছিল৷ এই স্থান সলনি কৰি থকাৰ মাজতেই অট্টালিকাত শীর্ষ কমাণ্ডৰেৰে আলোচনাৰ বাবে থিতাপি লোৱা হামাছৰ মুৰব্বী ছিনৱাৰ ইজৰাইলী বাহিনীৰ জালত পৰে আৰু আক্রমণত মৃত্যু ঘটে৷ লক্ষণীয় যে ইজৰাইলী বাহিনীয়ে প্রকাশ কৰা মতে, হামাছৰ মুৰব্বী ছিনৱাৰৰ শৰীৰত ডিএনএ পৰীক্ষা কৰাৰ পাছতেই মৃত্যু নিশ্চিত হোৱা বুলি ভিডিঅ’যোগে সদৰী কৰিছে৷ ছিনৱাৰৰ মৃত্যুৰ পাছত কোনে হামাছৰ মুৰব্বীৰ দায়িত্ব ল’ব, সেয়া চর্চাৰ বিষয় হৈছে৷

You might also like