চাৰি ইজৰাইলী মহিলা সৈনিকক মুক্তি হামাছৰ
🔹 গাজাত যুদ্ধবিৰতিক লৈ উল্লাস সাধাৰণ জনতাৰ
🔹 ঘৰলৈ উভতিল ২ শতাধিক পেলেষ্টাইনী
নিউজ ডেস্ক, ২৭ জানুৱাৰী : গাজাত চলি আছে যুদ্ধবিৰতি৷ প্রায় ১৫ মাহ পিছত পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ জিম্মাৰ পৰা মুক্ত হৈ ঘৰলৈ উভতিছে ইজৰাইলৰ পণবন্দীসকল৷ এইবাৰ অন্ধকাৰ অতিক্রম কৰি পোহৰৰ মুখ দেখিবলৈ পাইছে চাৰিগৰাকী পণবন্দীয়ে৷ পৰহি ইজৰাইলৰ চাৰি মহিলা সৈনিকৰ নাম প্রকাশ কৰে হামাছে৷ এই মহিলা চাৰিগৰাকীক মুক্তি দিছে হামাছে৷ অৱশেষত চৰম উৎকণ্ঠা, উদ্বেগৰ অৱসান ঘটিল এই চাৰি ইজৰাইলী মহিলাৰ পৰিয়ালত৷ সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি লিৰি আলবাগ, কৰিনা আৰিয়েভ, ডেনিয়েলা গিলবোৱা আৰু নামা লেভি নামৰ চাৰিগৰাকী ইজৰাইলী মহিলা সৈনিকক মুক্তি দিয়া হৈছে৷ ৰেডক্রছৰ হাতত অর্পণ কৰা হয় এই মহিলা সৈনিক চাৰিগৰাকীক৷ ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলত নজিৰবিহীন আক্রমণ চলাইছিল হামাছে৷ এই আক্রমণত ১২ শতাধিক লোক নিহত হৈছিল৷ আনফালে আঢ়ৈ শতাধিকক অপহৰণ কৰিছিল সশস্ত্র সংগঠনটোৱে৷ অপহূত লোকসকলৰ ভিতৰত আছিল ইজৰাইলী ডিফেঞ্চ ফ’র্চেছ (আইডিএফ)ৰ এই চাৰি সদস্য৷ আক্রমণৰ সময়ত গাজা সীমান্তত মোতায়েন আছিল এই সৈনিককেইগৰাকী৷ সংবাদ সংস্থা ৰয়টার্ছৰ প্রতিবেদন অনুসৰি লিৰি, কৰিনা, ডেনিয়েলা আৰু নামাৰ উপৰি অন্য তিনিগৰাকী মহিলা সৈনিককো হামাছে অপহৰণ কৰিছিল৷ এই তিনিগৰাকী মহিলা সৈনিকৰ ভিডিঅ’ প্রকাশ কৰিছিল সশস্ত্র সংগঠনটোৱে৷ লক্ষণীয়ভাৱে ইয়াৰ ভিতৰত আগম বার্গাৰ নামৰ সৈনিকগৰাকী এতিয়াও গাজাত বন্দী হৈ আছে৷ নোৱা মার্ছিয়ানো নামৰ মহিলা সৈনিকগৰাকীৰ দেহ ইজৰাইলক ওভতাই দিয়া হৈছিল৷ ইয়াৰ পূর্বে ওৰি মেগিডিছক ২০২৩ চনতে হামাছৰ জিম্মাৰ পৰা মুক্ত কৰিছিল ইজৰাইলী সেনাই৷ পৰহি বন্দীসকলৰ নাম প্রকাশ কৰাৰ পিছতে স্বাভাৱিকতে ইজৰাইলত সাধাৰণ জনতাই উল্লাস প্রদর্শন কৰে৷ মুক্তিৰ পূর্বে হামাছৰ মঞ্চৰ পৰাই উল্লাস প্রদর্শন কৰে চাৰিগৰাকী মহিলা সৈনিকে৷ লক্ষণীয়ভাৱে এই চাৰি মহিলা পণবন্দীক হামাছে মুক্তি কৰি দিয়াৰ পিছত ২ শতাধিক পেলেষ্টাইনী বন্দীক মুক্তি দিছে ইজৰাইলে৷ স্মর্তব্য যে মাত্র পাঁচ দিন পূর্বে হামাছৰ পৰা মুক্তি লাভ কৰিছিল তিনি ইজৰাইলী মহিলা পণবন্দী৷ অকল মুুক্তিয়েই নহয়, ঘৰলৈ ওভতা বন্দীসকলৰ হাতত উপহাৰো দি পঠিয়াইছে হামাছে৷ ছৌদি আৰব, কাটাৰ আৰু ইজিপ্তৰ মধ্যস্থতাত গাজাত হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছে৷ লক্ষণীয়ভাৱে ৪২ দিনৰ ভিতৰত পণবন্দী মুক্তি আৰু পেলেষ্টাইনী বন্দী মুক্তিৰ চুক্তি স্বাক্ষৰ কৰিছে উভয়পক্ষই৷