নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকৰ তেজৰ নদী বোওৱাৰ ভাবুকি হামাছ সন্ত্রাসবাদীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জুলাইঃ পেৰিছত বৈ যাব তেজৰ নদী৷ পেৰিছ অলিম্পিকৰ প্রাক্ক্ষণত হামাছ সন্ত্রাসবাদীৰ এই ভাবুকিক লৈ চিন্তিত হৈ পৰিছে আয়োজক পেৰিছৰ লগতে বিশ্ববাসী৷ হামাছ সন্ত্রাসবাদীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা ভাবুকিমূলক ভিডিঅ’ শ্বেয়াৰ কৰিছে৷ পেৰিছ অলিম্পিকলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সন্ত্রাসবাদীৰ আক্রমণৰ ভাবুকিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পেৰিছত তেজৰ নদী বব বুলি সকীয়াই দিছে হামাছ সন্ত্রাসবাদীয়ে৷ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈকে চলিবলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱখনত ইজৰাইলেও অংশগ্রহণ কৰিব৷ মঙলবাৰে মুক্তি পোৱা ভিডিঅ’টোত নিজকে হামাছ সন্ত্রাসবাদীৰ সদস্য বুলি দাবী কৰা এজন মুখাপিন্ধা ব্যক্তিয়ে আৰবী ভাষাত কথা কোৱাৰ লগতে পেলেষ্টাইনৰ উত্তেজনা চলি থকাৰ মাজতে ‘জায়নিষ্ট শাসন’ক সমর্থন কৰা বাবে ফ্রান্সৰ জনসাধাৰণ আৰু ৰাষ্ট্রপতি ইমানুৱেল মেক্রনক ভাবুকি দিয়া দেখা গৈছে৷ পেলেষ্টাইনৰ পতাকা লৈ ক’লা কাপোৰ পিন্ধি সন্ত্রাসবাদীজনে ঘোষণা কৰে যে পেৰিছৰ ৰাজপথত তেজৰ নদী বৈ যাব৷ ভিডি’টোৰ সামৰণিত ব্যক্তিগৰাকীয়ে ভুৱা কটা মূৰ এটা লৈ আছে৷ অৱশ্যে এই ভিডি’টোৰ সত্যতাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ ইপিনে, পেৰিছ প্রশাসনে এই বিষয়টোক সহজভাৱে লোৱা নাই৷ ভিডি’টোৰ আধাৰত তদন্ত আৰম্ভ কৰিছে৷ আয়োজক দেশখনে অলিম্পিকৰ সময়ত নিৰাপত্তাৰ দিশত সৃষ্টি হ’ব পৰা সমস্যাৰে মোকাবিলা কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে৷ কাৰণ, অলিম্পিকত সন্ত্রাসবাদীৰ এনে আক্রমণৰ তিক্ত অভিজ্ঞতা আছে৷ ১৯৭২ চনৰ মিউনিখ অলিম্পিকত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল৷ উক্ত চনৰ অলিম্পিকত ১১জন ইজৰাইলীক পেলেষ্টাইনী উগ্রপন্থীয়ে তেওঁলোকে থকা গেমছ ভিলেজত আক্রমণ কৰি হত্যা কৰিছিল৷ ইফালে, ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিক গেমছতো একেধৰণৰ কাণ্ড সংঘটিত হৈছিল৷ ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশৰ প্রতিযোগী অলিম্পিকত অংশ লোৱাৰ উদ্দেশ্যে পেৰিছত উপস্থিত হৈছে৷ উল্লেখ্য যে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ প্রচেষ্টা হাতত লৈছে আয়োজকে৷ ১০০ বছৰ পিছত পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ বাবে দ্বিতীয় বিশ্বযুদ্ধতকৈও বৃহৎ সামৰিক শিবিৰ স্থাপন কৰা হৈছে৷

You might also like