‘হেণ্ডছ অৱ’ প্রতিবাদকাৰীৰ বিক্ষোভত উত্তাল মার্কিন যুক্তৰাষ্ট্রৰ ১,২০০ স্থান, ট্রাম্পৰ বিৰুদ্ধে ৰাজপথত জনতা
নিউজ ডেস্ক, ৭ এপ্রিলঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ নতুন শুল্ক নীতিয়ে বিশ্বত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বিশ্বৰ দেশসমূহৰ কথা বাদেই স্বয়ং নিজ দেশতে মার্কিন জনতাৰ প্রতিবাদৰ সন্মুখীন হৈছে ৰাষ্ট্রপতি ট্রাম্প৷ নতুন শুল্ক নীতিক লৈ আমেৰিকা যুক্তৰাষ্ট্রৰ ৫০খন প্রদেশত জনতাই ৰাজপথলৈ ওলাই আহি ট্রাম্প আৰু এলন মাক্সৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে৷ ৰাষ্ট্রপতি ট্রাম্পে যিদৰে দেশ পৰিচালনা কৰিছে, তাৰ বাবে দেশ ধ্বংসৰ দিশে আগবাঢ়ি আছে বুলি প্রতিবাদী জনতাই ক্ষোভ প্রকাশ কৰিছে৷ ‘হেণ্ডছ অৱ’ প্রতিবাদকাৰীৰ ৰাজপথে ৰাজপথে ক্ষোভ প্রতিফলিত হৈছে৷ ৰাষ্ট্রপতি ট্রাম্প আৰু এলন মাক্সৰ বিৰুদ্ধে জনতাই ৰাজপথলৈ ওলাই আহি এনে নীতি দেশখনৰ বাবে ভয়াৱহ হৈ উঠিব বুলি অভিযোগ উত্থাপন কৰিছে৷ ৰাজধানী চহৰতো তীব্র প্রতিবাদ সাব্যস্ত কৰা হৈছে৷ ৫০খন প্রদেশৰ ১,২০০ স্থানত ট্রাম্পৰ শুল্ক নীতিৰ বিৰুদ্ধে প্রতিবাদত অংশ লৈছে ১৫০তকৈও অধিক সংগঠনে৷ ইয়াৰ ভিতৰত নাগৰিক অধিকাৰ সংগঠন, শ্রমিক ইউনিয়ন, এলজিবিটিকিউ সংগঠন, জ্যেষ্ঠ নাগৰিক আৰু নির্বাচন কর্মীসকলেও ৰাষ্ট্রপতি ট্রাম্পৰ সিদ্ধান্তত অসন্তুষ্টি ব্যক্ত কৰি প্রতিবাদত অংশ লৈছে৷ ৱাশ্বিংটন ডিচি, নিউয়র্ক, লছ এঞ্জেলছ, চিকাগো, বষ্টন আদিত ৰাষ্ট্রপতি ট্রাম্প আৰু দক্ষতা বিভাগৰ মুৰব্বী মাক্স দুয়োজন নেতাৰ ওপৰত মার্কিন জনতাৰ ক্ষোভ প্রকাশিত হৈছে৷ মন কৰিবলগীয়া যে আমেৰিকাৰ প্রান্তে প্রান্তে ট্রাম্পৰ বিৰুদ্ধে প্রতিবাদ হোৱাৰ সমান্তৰালকৈ লণ্ডন, পেৰিছ আৰু বার্লিনতো মার্কিন নাগৰিকে প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে৷ ডেম’ক্রেটিক সাংসদে এই প্রতিবাদত অংশগ্রহণ কৰি ৰাষ্ট্রপতি ট্রাম্পৰ দেশ চলোৱাৰ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ লক্ষণীয় যে ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ সময়ত ড’নাল্ড ট্রাম্পে দেশখনৰ অর্থনীতি নিয়ন্ত্রণৰ ক্ষেত্রত ৪৭ শতাংশ লোকে সন্তুষ্টি ব্যক্ত কৰিছিল যদিও সম্প্রতি ট্রাম্পৰ জনপ্রিয়তা হ্রাস পাইছে৷ ৪৩ শতাংশ লোকেহে এতিয়া ট্রাম্পে অর্থনীতিক লৈ গ্রহণ কৰা পদক্ষেপত সন্তুষ্টি ব্যক্ত কৰিছে৷ ৩০ শতাংশ লোকে প্রত্যক্ষভাৱে ট্রাম্পৰ নীতিয়ে দেশৰ নাগৰিকৰ জীৱন যাপনত ব্যয় বৃদ্ধি কৰিব বুলি মত ব্যক্ত কৰিছে৷