নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্ল’ৰিডাৰ ৰাজপথত অনুৰাগীক মাৰিবলৈ উদ্যত হৰিশ ৰৌফ

🔹 নতুন বিতর্কত টি–২০ বিশ্বকাপত বিধ্বস্ত পাকিস্তানৰ বলাৰ

বিশেষ বাৰ্তা, ১৯ জুন : চলিত টি–২০ বিশ্বকাপৰ গ্রুপ পর্যায়ৰ পৰাই বাহিৰ হৈছে পাকিস্তান৷ বাবৰ আজমৰ দলটোক লৈ বিভিন্ন বিতর্কৰ সৃষ্টি হোৱাৰ মাজতে হৰিশ ৰৌফে আন এক নতুন বিতর্কৰ সৃষ্টি কৰিছে৷ পাকিস্তানৰ বেগী বলাৰগৰাকীয়ে ফ্ল’ৰিডাৰ ৰাজপথত অনুৰাগীৰ সৈতে কাজিয়াত লিপ্ত হয় আৰু এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ এই ঘটনাত পাক বলাৰগৰাকীৰ ভাৰতবিৰোধী মনোভাবো পোহৰলৈ আহিছে৷ ৰৌফে পত্নীৰ সৈতে ফ্ল’ৰিডাৰ ৰাজপথত খোজ কাঢ়ি আছিল৷ সেই সময়ত পাকিস্তানী ক্রিকেটপ্রেমীয়ে পাক দলটোৰ বলাৰগৰাকীক ফটো উঠিবলৈ অনুৰোধ কৰিছিল যদিও ৰৌফে এই অনুৰোধ নাকচ কৰে৷ ইয়াৰ পিছতো সমর্থকে একেলগে এখন ফটো তুলিবলৈ দাবী জনাই থাকিল৷ সেই কথাত ৰৌফৰ খং উঠিল আৰু অনুৰাগীগৰাকীক মাৰিবলৈ চোঁচা লয়৷ ঘৈণীয়েকে প্রথমে ৰৌফক বাধা দিবলৈ চেষ্টা কৰিছিল যদিও পত্নীৰ হাত এৰি সমর্থকৰ ওচৰলৈ আগবাঢ়ি যায়৷ অৱশেষত আন এক দম্পতীয়ে কোনোমতে ৰৌফক ৰখাবলৈ সক্ষম হয়৷ ৰৌফে কোৱা শুনা যায়- ‘তুমি মোৰ দেউতাক কিয় গালি–গালাজ কৰিছা? তুমি নিশ্চিতভাৱে ভাৰতীয়৷’ ক্রিকেটপ্রেমীজনে ৰৌফক কয় যে তেওঁ পাকিস্তানৰ৷ কিছু সময় ৰৌফৰ চিঞৰ–বাখৰ শুনা গ’ল৷ সকলোৱে চেষ্টা কৰিলেও তেওঁক শান্ত কৰিব নোৱাৰিলে৷ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ এজন সমর্থকৰ সৈতে কাজিয়া কৰি নতুন বিতর্কত লিপ্ত হয় ৰৌফ৷

You might also like