১,৫০০ কেজিৰ ‘আনমোল’ৰ বিলাসী জীৱন
🔹 ২৩ কোটি মূল্যৰ পোহনীয়া ম’হে প্রতিদিনে খায় ২০টা কণী
নিউজ ডেস্ক, ১৬ নৱেম্বৰ : ‘আনমোল’ৰ বিলাসী জীৱন ধাৰণে এতিয়া সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷ আনমোলক পালন কৰা গৰাকী গিলে প্রতিদিনে তাৰ খাদ্যৰ নামত খৰচ কৰিছে ১৫০০ টকা! কোনো ব্যক্তি নহয়, এয়া এটা পোহনীয়া ম’হহে৷ হাৰিয়ানাৰ এই ম’হটোক প্রতিদিনে উচ্চ কেলৰিযুক্ত খাদ্য খুৱাবলগীয়া হৈছে গিলে৷ আনমোল নামৰ এই ম’হটোৰ মূল্য ২৩ কোটি টকা৷ ১৫০০ কিলোগ্রাম ওজনৰ এই ম’হটো বিভিন্ন মেলাত দর্শকৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছিল৷ বিশেষকৈ মীৰাটত পুস্কৰ মেলা আৰু সর্বভাৰতীয় কৃষক মেলাত আনমোল হৈ পৰিছিল সকলোৰে আকর্ষণৰ কেন্দ্রবিন্দু৷ টাইমছ অৱ ইণ্ডিয়াৰ প্রতিবেদন অনুসৰি ছ’চিয়েল মিডিয়াতো আনমোল এতিয়া চর্চাৰ বিষয়৷ আনমোলৰ বিলাসী লাইফ ষ্টাইলৰ বাবে গৰাকী গিলে অধিক ধন ব্যয় কৰিবলগীয়া হৈছে৷ প্রতিদিনে আনমোলক দিবলগীয়া হয় ২৫০ গ্রাম আলমণ্ড, ৩০টা কল, চাৰি কিলোগ্রাম ডালিম, ৫ লিটাৰ গাখীৰ আৰু আশ্বর্যজনক যেন লাগিলেও ২০টাকৈ কণী৷ ইয়াৰ উপৰি ঘি, চয়াবিন, মাকৈ তথা বিভিন্ন ধৰণৰ কেক আৰু সেউজীয়া খাদ্য প্রদান কৰা হয় আনমোলক৷ এই বিশেষ ধৰণৰ খাদ্য প্রদান কৰি গৰাকী গিলে আনমোলক সদায় বিভিন্ন মেলাৰ বাবে প্রস্তুত কৰি ৰাখে৷ লক্ষণীয়ভাৱে দিনটোত দুবাৰকৈ গা ধুৱাই দিয়া হয় আনমোলক৷ আলমণ্ড আৰু সৰিয়হ তেলৰ এক বিশেষ মিশ্রণেৰে আলমণ্ডৰ শৰীৰত দিয়া হয় মালিচ৷ গতিকে প্রতি মুহূর্ততে ই চিকচিকিয়া হৈ থাকে৷ অত্যধিক খৰচ সত্বেও গিলে আনমোলৰ বিশেষ যতন লৈ আহিছে৷ লক্ষণীয়ভাৱে আনমোলৰ যতন ল’বলৈ ম’হটোৰ মাতৃ আৰু ভগ্ণীক বিক্রী কৰিবলগীয়া হৈছে গিলে৷ আনমোলৰ মাতৃ মাইকী ম’হটোৱে প্রতিদিনে ২৫ লিটাৰকৈ গাখীৰ দিছিল৷ বিশাল আকাৰৰ আনমোলক হাৰিয়ানাৰ বহু লোকে প্রতিদিনে চাবলৈ যায়৷ লক্ষণীয়ভাৱে উন্নত প্রজাতিৰ ম’হ জন্ম দিবলৈ আনমোলৰ বীর্য সপ্তাহত দুবাৰকৈ সংগ্রহ কৰা হয়৷ লক্ষণীয়ভাৱে ২৩ কোটি টকা মূল্য দিয়াৰ পিছতো আনমোলক বিক্রী নকৰিলে গিলে৷ বর্তমান আনমোলৰ বীর্য বিক্রী কৰি প্রতি মাহত ৪–৫ লাখ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে গিলে৷ ইয়াৰ পৰাই আনমোলৰ প্রতিদিনৰ খাদ্যৰ খৰচ উলিয়ায় গিলে৷