নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডনত বৃদ্ধি পাইছে ঘৃণাজনিত অপৰাধ

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে গাজাত ইজৰাইলী সেনাৰ আক্রমণ যিমানেই বৃদ্ধি পাইছে, সিমানেই গ্রেট ব্রিটেইনৰ লণ্ডনত বৃদ্ধি হৈছে ঘৃণাজনিত অপৰাধ৷ বিগত বর্ষৰ তুলনাত গাজাত ইজৰাইলী সেনাই ধ্বংসলীলা চলোৱাৰ পৰিপ্রেক্ষিতত চলিত মাহটোত ঘৃণাজনিত অপৰাধৰ গোচৰ ৪০৮টা হৈছে৷ প্রধানতঃ ইহুদীবিৰোধী অপৰাধ বর্ধিত হৈছে৷ ইয়াৰ সমান্তৰালকৈ ইছলাম ধর্মাৱলম্বী লোকৰ বিৰুদ্ধেও ঘৃণাজনিত অপৰাধ বর্ধিত হৈছে৷ চলিত মাহটোত লণ্ডনত ইছলাম ধর্মাৱলম্বী লোকৰ বিৰুদ্ধে ঘৃণাজনিত অপৰাধৰ ঘটনা ১৭৪টা লিপিবদ্ধ হৈছে৷ এই সন্দর্ভত মেট্র’পলিটান আৰক্ষীয়ে প্রকাশ কৰা মতে, ইজৰাইল–গাজা যুদ্ধৰ সময়ত ৭৫তকৈ অধিক লোকক ঘৃণাজনিত অপৰাধৰ বাবে গ্রেপ্তাৰ কৰা হৈছে৷ পর্যটনৰ আইন উলংঘা কৰি লণ্ডনত অধিকাংশ লোকে ঘৃণাজনিত অপৰাধত জড়িত হৈছে৷ লণ্ডনত ঘৃণাজনিত অপৰাধ বৃদ্ধি পোৱাৰ প্রতিবাদত কালি চহৰখনৰ প্রান্তে প্রান্তে পুৰুষ–মহিলাই প্রতিবাদী সমদল উলিয়াইছে৷ উল্লেখ্য যে ২১ অক্টোবৰত লণ্ডনত হামাছক সমর্থন কৰিও প্রতিবাদী সমদল উলিয়াইছিল৷

You might also like