পাকিস্তানলৈ ভাৰতীয় সেনাৰ তথ্য প্রেৰণ কৰা স্বাস্থ্যকর্মীক গ্রেপ্তাৰ
🔹 পাকিস্তানলৈ ভাৰতীয় সেনাৰ তথ্য প্রেৰণ কৰা স্বাস্থ্যকর্মীক গ্রেপ্তাৰ
🔹 দেশজুৰি আইএছআইৰ সৈতে জড়িত চক্র উৎখাত অব্যাহত
নিউজ ডেস্ক, ২৫ মে’ : ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’ৰ পিছত দেশজুৰি পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত চক্র উৎখাত অভিযান অব্যাহত আছে৷ গুজৰাটৰ কুচ্ছ সীমান্তত কালি পাকিস্তানী চোৰাংচোৱা আইএছআইৰ সৈতে জড়িত থকা সহদেৱ সিং গহিল নামৰ এজন স্বাস্থ্যকর্মীক গুজৰাটৰ এটিএছে গ্রেপ্তাৰ কৰিছে৷ কুচ্ছৰ দয়াপুৰত স্বাস্থ্যকর্মী হিচাপে কর্মৰত গহিলে পাকিস্তানৰ হৈ ভাৰতত চোৰাংচোৱাগিৰি কৰি থকাৰ বিভিন্ন তথ্য লাভ কৰাৰ পিছতে গুজৰাটৰ এটিএছে গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, অদিতি ভৰদ্বাজ নামৰ পাকিস্তানী চোৰাংচোৱাৰ সৈতে সম্পর্কিত স্বাস্থ্যকর্মী গহিল৷ অদিতিৰ নির্দেশ মতে গহিলে ভাৰতীয় সেনা আৰু বিএছএফৰ বিভিন্ন তথ্য সংগ্রহ কৰি সেইবোৰ পাকিস্তানৰ আইএছআইলৈ প্রেৰণ কৰি আহিছে৷ গহিলে এই কামৰ বাবে ৪০ হাজাৰ টকা লাভ কৰিছে৷ মন কৰিবলগীয়া যে অদিতি ভৰদ্বাজ নামটো ছদ্মবেশী নাম৷ পাকিস্তানী চোৰাংচোৱা সংস্থাই এই নাম লৈ মহিলাৰ জৰিয়তে গহিলৰ সৈতে সম্পর্ক স্থাপন কৰে আৰু তাৰ জৰিয়তে ভাৰতৰ সশস্ত্র সেনাৰ বিভিন্ন স্পর্শকাতৰ তথ্য সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ধৃত গহিলৰ ম’বাইল ফোন ইতিমধ্যে ফৰেনছিক ছায়েঞ্চ লেব’ৰেটৰীলৈ প্রেৰণ কৰা হৈছে৷