নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুৎ কেন্দ্রৰ অগ্নিকাণ্ডত বন্ধ হৈ পৰিল ব্যস্ততম হিথ্ৰো বিমানবন্দৰ

নিউজ ডেস্ক, ২২ মাৰ্চঃ দিনটোৰ বাবে বন্ধ কৰি দিয়া হ’ল লণ্ডনৰ বিখ্যাত হিথৰো বিমানবন্দৰ৷ লণ্ডনৰ এটা বিদ্যুৎ সৰবৰাহ কেন্দ্রত অগ্ণিকাণ্ডৰ সূত্রপাত ঘটে৷ ইয়াৰ ফলত কার্যতঃ বন্ধ হৈ পৰে হিথৰো বিমানবন্দৰৰ বিদ্যুৎ সেৱা৷ গতিকে, বাধ্য হৈ সমগ্র দিনটোৰ বাবে বন্ধ ৰখা হয় বিমানবন্দৰৰ পৰা উৰণ সেৱা৷ স্কটিছ এণ্ড ছাডার্ন ইলেক্ট্রিচিটী নেটৱর্কৰ জৰিয়তে মধ্য আৰু দক্ষিণ লণ্ডনৰ বিস্তীর্ণ অঞ্চলত বিদ্যুৎ যোগান ধৰা হয়৷ লণ্ডনৰ অগ্ণিনির্বাপক বাহিনীৰ সূত্রই সদৰী কৰা অনুসৰি আজি পুৱা বিদ্যুৎ সংস্থাটোৰ এটা ছাব ষ্টেচনত অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হয়৷

📌 ‘মোক সন্মান নকৰিলে ময়ো সন্মান নকৰো।’ 📌 ‘মই আসনৰ পৰা উঠি যাব নালাগিছিল সেইটো মোৰ ভুল হৈছিল।’ 📌 ‘মোৰ বক্তব্যত বাধা দিয়া বিধায়কসকলো সমানে দায়ী।’ 📌 সদনত অসামাজিক আচৰণ কৰি পুনৰ সামাজিক মাধ্যমত ক্ষমা খুজিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

৭০গৰাকী অগ্ণিনির্বাপক বাহিনীৰ কর্মীয়ে জুই নির্বাপণৰ কাম আৰম্ভ কৰে৷ কমপক্ষেও ১৫০গৰাকী লোকক জুইৰ গ্রাসৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়৷ ঘটনাস্থলীত অগ্ণিনির্বাপক বাহিনীৰ দহখন বাহন মোতায়েন কৰা হয়৷ বিদ্যুৎ উৎপাদন কেন্দ্রত অগ্ণিকাণ্ড সংঘটিত হোৱাৰ ফলত অন্ধকাৰত ডুব গৈছে লণ্ডনৰ বিস্তীর্ণ অঞ্চল৷ কমপক্ষেও পাঁচ হাজাৰ বাসস্থানত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা৷ বিপর্যস্ত হৈছে হিথৰো বিমানবন্দৰ৷ বিদ্যুতৰ অভাৱৰ বাবে বিমানবন্দৰ পৰিচালনা কৰা অসম্ভৱ হৈ পৰে৷ সেইবাবে বাধ্য হৈ কালি মাজনিশালৈকে সমস্ত বিমান সেৱা বন্ধ ৰাখিছে বিমানবন্দৰ কর্তৃপক্ষই৷ বাতিল হৈছে ১,৩৫১খন বিমানৰ উৰণ৷ একাধিক বিমান মাজ আকাশৰ পৰা ওভতাই পঠিওৱা হৈছে৷ ভাৰতৰ পৰা লণ্ডনগামী সমস্ত বিমানৰ সেৱা এদিনৰ বাবে বাতিল কৰিছে এয়াৰ ইণ্ডিয়ায়ো৷ উল্লেখনীয় যে পৃথিৱীৰ ব্যস্ততম বিমানবন্দৰসমূহৰ্ ভিতৰত অন্যতম হৈছে হিথ্ৰো৷

বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১১৮

You might also like