দ্বিতীয় বিশ্বযুদ্ধৰ অন্তিম ব্রিটিছ পাইলট হেমিংৱেৰ বিয়োগ
নিউজ ডেস্ক, ১৯ মাৰ্চঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ অন্তিমগৰাকী ব্রিটিছ পাইলট জন ‘পেড্ডি’ হেমিংৱেৰ দেহাৱসান ঘটিছে৷ ১০৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশ্বযুদ্ধৰ সময়ৰ পাইলটগৰাকীয়ে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পূর্বে এজন তৰুণ সৈনিক হিচাপে ৰয়েল এয়াৰ ফ’চত যোগদান কৰিছিল হেমিংৱেই৷ ডাবলিনৰ বাসিন্দা হেমিংৱেই ব্রিটিছ বায়ুসেনাত এগৰাকী যুদ্ধবিমানৰ পাইলট হিচাপে যোগদান কৰিছিল৷ দলত নাই মেছি : ব্রাজিল–উৰুগুৱেৰে আৰ্জেণ্টিনাৰ বিশ্বকাপ কোৱালিফায়াৰ মেচ ২১ বছৰ বয়সতে লণ্ডনৰ আকাশ সুৰক্ষিত কৰাৰ দায়িত্ব পৰিছিল হেমিংৱেৰ দৰে তৰুণ পাইলটসকলৰ ওপৰত৷ সেই সময়ত জার্মান বায়ুসেনাই ব্রিটেইনত ধাৰাসাৰ বোমাবর্ষণ কৰিছিল৷ ব্রিটিছ প্রধানমন্ত্রী ছাৰ কিয়ের্ছ ষ্টাৰমাৰে হেমিংৱেৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হেমিংৱেৰ দৰে যোদ্ধাসকলে বীৰত্বৰ পৰিচয় দি ব্রিটেইনৰ স্বাধীনতা নিশ্চিত কৰিছিল বুলি মন্তব্য কৰে প্রধানমন্ত্রীগৰাকীয়্৷ লক্ষণীয়ভাৱে হেমিংৱেৰ মৃত্যুৰ লগে লগে ব্রিটেইনত এটা যুগৰ অৱসান ঘটিল৷