নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকত ইতিহাস গঢ়িলে ব্রিটেইনৰ হেনৰী ফিল্ডমেনে

বিশেষ বাৰ্তা, ৪ আগষ্ট : অলিম্পিকত প্রথমগৰাকী খেলুৱৈ হিচাপে পুৰুষ আৰু মহিলাৰ ইভেণ্টত পদক জয় কৰি ইতিহাস গঢ়িলে ব্রিটেইনৰ হেনৰী ফিল্ডমেনে৷ টকিঅ’ অলিম্পিকত তেওঁ ৰয়িঙত পদক জয় কৰিছিল পুৰুষৰ বিভাগত৷ পেৰিছত পদক জয় কৰিলে মহিলা প্রতিযোগীৰ সৈতে৷ ৰয়িঙৰ নতুন নিয়ম অনুসৰি মহিলা দলৰ সৈতে কক্স হিচাপে থাকিব পাৰে পুৰুষ৷ আনহাতে, পুৰুষৰ দলৰ সৈতেও কক্স হিচাপে থাকিব পাৰে কোনো মহিলা৷ কক্সৰ ভূমিকা কিছু সহায়কাৰীৰ নিচিনা৷ নাও কোনফালে যাব, তাক নিয়ন্ত্রণ কৰে কক্সে৷ দলৰ সদস্যসকলৰ মাজত সমন্বয়ৰ দায়িত্ব থাকে তেওঁৰ ওপৰত৷ এই ক্ষেত্রত তেওঁ দলৰ অধিনায়কৰ দৰে কাম কৰে৷ এইবাৰ ব্রিটেইনৰ মহিলাৰ ৮ জনীয়া ৰয়িং দলৰ কক্স হিচাপে আছিল ফিল্ডমেন৷ কালি দলটোৱে ব্রঞ্জৰ পদক অর্জন কৰে৷ ইয়াৰ লগে লগে ইতিহাস গঢ়ে ফিল্ডমেনে৷ বিগত টকিঅ’ অলিম্পিকত ব্রিটেইনৰ পুৰুষ দলৰ কক্স হিচাপে আছিল তেওঁ৷ সেই ইভেণ্টতো ব্রঞ্জ জয় কৰিছিল ব্রিটেইনে৷ অলিম্পিকৰ ইতিহাসত এনে কৃতিত্ব অন্য কোনো খেলুৱৈয়ে অৰ্জন কৰিব পৰা নাই৷ উল্লেখ্য যে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ পিছত নিয়ম পৰিৱর্তন কৰে ৱর্ল্ড ৰয়িঙে৷ লিংগ বৈষম্যৰ অৱসান ঘটাবলৈ কক্স নিয়মৰ পৰিৱর্তন ঘটোৱা হয়৷ এই নিয়ম অনুসৰি উভয় দলতে বিপৰীত লিংগৰ কক্স থাকিব পাৰে৷ নতুন নিয়মৰ সুযোগ গ্রহণ কৰি ফিল্ডমেনক ব্রিটেইনৰ মহিলা দলৰ কক্স হিচাপে লোৱা হয়৷ ফিল্ডমেনক ব্রিটেইনৰ শ্রেষ্ঠ কক্স হিচাপে বিবেচনা কৰা হয়৷ বৃহৎ প্রতিযোগিতাত দল পৰিচালনাৰ ক্ষেত্রত তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে৷

You might also like