নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ হাজাৰ সন্তানৰ পিতৃ বিশ্বৰ বয়োজ্যেষ্ঠ ‘হেনৰী’

🔹 ওজন ৭০০ কিলোগ্রাম : ১০০ বছৰ ধৰি চিৰিয়াখানাত বন্দী

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : সন্তান ১০ হাজাৰ সংগিনী ৬ ৭০০ কিলোগ্রাম ওজনৰ হেনৰী হৈছে বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ ঘৰিয়াল৷ বয়স ১২৩ বছৰ৷ দুখন বিশ্বযুদ্ধসহ পৃথিৱীৰ বিভিন্ন সংকটৰ সাক্ষী হৈছে হেনৰী৷ ১২৩ বছৰ বয়সতো সুস্থ এই ঘৰিয়ালটো৷ ১৯০০ চনৰ ১৬ ডিচেম্বৰত জন্ম হৈছিল ঘৰিয়ালটোৰ৷ এখন মিনিবাছৰ দৰেই বিশাল আকাৰৰ শৰীৰ হেনৰীৰ৷ ইয়াৰ উপৰি ভয়ানক দাঁতবোৰ দেখিলেই সকলোৱে অবাক হৈ পৰে৷ এক কথাত হেনৰী যেন এক আতংক৷ এগৰাকী চিকাৰীৰ নামেৰে ঘৰিয়ালটোৰ নাম ৰখা হৈছিল হেনৰী৷ আচলতে দক্ষিণ আফ্রিকাৰ যিটো বদ্বীপত হেনৰীৰ জন্ম সেই ওকাভাংগো দ্বীপত আতংকৰ অন্য নাম হৈ উঠিছিল হেনৰী৷ শুনিবলৈ পোৱা যায় ইয়াৰ সমীপৱর্তী অঞ্চলৰ বহু শিশুক গিলি পেলাইছিল হেনৰীয়ে৷ তেতিয়া অৱশ্যে ঘৰিয়ালটোৰ নাম হেনৰী ৰখা হোৱা নাছিল৷ ছাৰ হেনৰী নিউমেন নামৰ চিকাৰীগৰাকীক হেনৰীক হত্যাৰ বাবে প্রস্তাৱ দিয়া হয়৷ ১৯০৩ চনতে আতংকৰ কাৰণ হৈ পৰা ঘৰিয়ালটোক অৱশ্যে হেনৰীয়ে হত্যা নকৰিলে৷ ইয়াৰ বিপৰীতে আজীৱন বন্দী কৰা হ’ল চিকাৰীটো৷ চিৰিয়াখানাত জীৱন অতিবাহিত কৰিলে ঘৰিয়ালটোৱে৷ এই চিৰিয়াখানাতেই ঘৰিয়ালটোৰ নাম ৰখা হৈছে হেনৰী৷ বিগত তিনিটা দশক ধৰি হেনৰীক খৰা হৈছে দক্ষিণ আফ্রিকাৰ ষ্টকবার্গৰ ক্র’কৱার্ল্ড কনজাৰভেচন চেণ্টাৰত৷ মুঠ ৬টা মাইকী ঘৰিয়ালৰ সৈতে হেনৰীক সন্তান–সন্ততিৰ সংখ্যা ১০ হাজাৰ৷ অৱশ্যে বিশ্বৰ ভিতৰতেই প্রবীণতম হ’লেও হেনৰী কিন্তু দীর্ঘতম নহয়৷ অষ্ট্রেলিয়াত এটা ১৬ফুট দৈর্ঘৰ ঘৰিয়ালে এই ক্ষেত্রত অভিলেখ গঢ়ি থৈছে৷ অষ্ট্রেলিয়াৰ সেই ঘৰিয়ালটোৰ নাম আছিল কেছিয়াছ৷ দক্ষিণ আফ্রিকাত পর্যটকসকলৰ আকর্ষণৰ কেন্দ্রবিন্দু হেনৰী৷

You might also like