নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইস্কনক নিষিদ্ধ নকৰিলে উচ্চ ন্যায়ালয়ে, শুনানি ল’বলৈ অস্বীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ নৱেম্বৰঃ তীব্র ‘চাপ আৰু ক্ষোভ’ৰ মুখত পৰি ইস্কনৰ বিৰুদ্ধে গোচৰ প্রত্যাহাৰ কৰিলে বাংলাদেশ চৰকাৰে৷ বাংলাদেশৰ সংখ্যালঘু নেতা চিন্ময় কৃষ্ণ দাসক গ্রেপ্তাৰ কৰা ঘটনাক লৈ উত্তপ্ত সমগ্র দেশ৷ বিভিন্ন স্থানত চলি আছে বিক্ষোভ৷ ইয়াৰ মাজতে ইস্কনক নিষিদ্ধ কৰাৰ দাবীত কালি দেশৰ উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল মহম্মদ ইউনুছৰ চৰকাৰে৷ ইস্কনক নিষিদ্ধ কৰাৰ উপৰি অস্থিৰতা অব্যাহত থকা চট্টগ্রাম আৰু ৰংপুৰত জৰুৰী অৱস্থা জাৰি কৰাৰ দাবীও জনাইছিল চৰকাৰে৷ দেশখনৰ সংবাদ পত্র ‘দ্য ডেইলী ষ্টাৰ’ৰ প্রতিবেদন অনুসৰি যিহেতু চৰকাৰে ইতিমধ্যে ইস্কনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিছে আৰু চট্টগ্রামত অধিবক্তাৰ হত্যাকাণ্ডৰ ঘটনাক লৈ ব্যৱস্থা লৈছে, সেইবাবে এই বিষয়টোত ন্যায়ালয়ে হস্তক্ষেপ নকৰে৷ স্বতঃপ্রণোদিতভাৱে ইস্কনৰ বিৰুদ্ধে কোনো নির্দেশ নিদিয়ে বুলি ন্যায়ালয়ে ঘোষণা কৰাৰ লগে লগে এই গোচৰ খাৰিজ হৈ গৈছে৷ ইস্কনৰ বর্তমান কার্যকলাপক লৈ সংস্থাটোৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিছে, সেই সন্দর্ভত সবিশেষ জনাবলৈ ন্যায়ালয়ে নির্দেশো দিছে৷ বাংলাদেশ চৰকাৰে ইস্কনক নিষিদ্ধৰ বাবে গোচৰ তৰিছিল যদিও ন্যায়ালয়ে এই গোচৰৰ শুনানি ল’বলৈ অস্বীকাৰ কৰিছে৷

You might also like