নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্টেজ ৩ স্তন কেন্সাৰত আক্ৰান্ত অভিনেত্ৰী হিনা খান

বিশেষ বাৰ্তা, ২৮ জুন : হিনা খান কেন্সাৰত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলৰ মাজত উৎকণ্ঠা বিৰাজ কৰে। অভিনেত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱা সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই নিজেই কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ সামাজিক মাধ্যমযোগ সদৰী কৰে। অভিনেত্ৰী হিনা খানে কয়- শেহতীয়াকৈ মোক লৈ বিয়পি পৰা জল্পনা-কল্পনাৰ ওৰ পেলাই এটা খবৰ দিব বিচাৰিছোঁ যে যিসকলে মোক ভাল পায় আৰু মোৰ বাবে চিন্তা কৰে তেওঁলোকক জনাওঁ যে মই স্তন কেন্সাৰত আক্ৰান্ত হৈছোঁ। এই ৰোগ এতিয়া তৃতীয় পৰ্যায় পাইছে। এক অতি কঠিন প্ৰত্যাহ্বান, কিন্তু মই সকলোকে আশ্বস্ত কৰিছোঁ যে মই সুস্থ। এই ৰোগক পৰাস্ত কৰিবলৈ যি সাহস বা শক্তিৰ প্ৰয়োজন, সেইখিনি ৰাখিছোঁ। অভিনেত্ৰীগৰাকীয়ে লগতে কয়- মোৰ চিকিৎসা আৰম্ভ হৈছে। প্ৰয়োজনীয় সকলো কথা মানি চলা হৈছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই মই সঁচাকৈয়ে ধন্য। ভগৱানৰ আশীৰ্বাদত মই আৰু মোৰ পৰিয়ালটো ইতিবাচক মনোভাব লৈ থাকিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ- এই যুদ্ধত মই জয়ী হ’ম। অনুগ্ৰহ কৰি মোৰ বাবে প্ৰাৰ্থনা কৰিব।

You might also like