নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কাঁ’লৈ অসমত নির্মিত হিন্দী ছবি ‘কুকি’

🔹 মুক্তি লাভৰ পূর্বে অনন্য সন্মান

বিশেষ বাৰ্তা, ১২ মে’ : মুক্তিলাভৰ পূর্বেই অনন্য ‘সন্মান’ অসমত নির্মিত হিন্দী চলচ্চিত্র ‘কুকি’লৈ৷ বিশ্বৰ প্রখ্যাত কাঁ চলচ্চিত্র মহোৎসৱত প্রদর্শনৰ বাবে আমন্ত্রণ লাভ কৰিছে ছবিখনে৷ অহা ২৮ জুনত সমগ্র দেশৰ ছবিগৃহত আনুষ্ঠানিকভাৱে মুক্তিলাভৰ পূর্বে ছবিখনে কাঁ চলচ্চিত্র মহোৎসৱত প্রদর্শনৰ বাবে আমন্ত্রণ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ সৈতে জড়িত কলা–কুশলীসকল৷ উল্লেখ্য যে ২১ মে’ৰ পুৱা ১১.৩০ বজাত (স্থানীয় সময় অনুসৰি) পালেই এইচ(Palais H)ত প্রদর্শন কৰা হ’ব অসমৰ হিন্দী ভাষাৰ বোলছবিখন৷ এই সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি ‘কুকি’ৰ প্রযোজিকা ড০ জোনমণি দেৱী খাউণ্ডে কয়- ‘প্রতিষ্ঠিত কাঁ চলচ্চিত্র মহোৎসৱত মোৰ প্রথমখন ছবি ‘কুকি’ প্রদর্শন কৰাৰ সুযোগ লাভ কৰাত মই অত্যন্ত কৃতজ্ঞ আৰু সন্মানিতবোধ কৰিছোঁ৷ এই মঞ্চখনে চলচ্চিত্র কলা উদযাপন কৰাই নহয়, বৰং গুৰুত্বপূর্ণ বিশ্বজনীন বিষয়বস্তু সন্দর্ভত কথা ক’বলৈও আমাৰ কণ্ঠক প্রসাৰিত কৰে৷ ‘কুকি’ত এনে এটা বিষয় উপস্থাপন কৰা হৈছে, যাৰ ওপৰত আন্তঃৰাষ্ট্রীয় মনোযোগ আৰু আলোচনাৰ প্রয়োজন আছে৷ সেইবাবে কাঁ চলচ্চিত্র মহোৎসৱত এই ছবিখনৰ উপস্থাপন বিশেষভাৱে গুৰুত্বপূর্ণ৷ মোৰ দৃঢ় বিশ্বাস যে সজাগতা আৰু অর্থপূর্ণ আইনী সংস্কাৰৰ দাবী কৰা ছবিখনৰ বিষয়বস্তুটো সমগ্র বিশ্বৰ দর্শকক প্রদর্শিত কৰাৰ যোগ্য৷ কাঁৰ দৰে চলচ্চিত্র মহোৎসৱত এখন ছবি প্রদর্শন কৰাৰ সুযোগ লাভ কৰাটো এগৰাকী চলচ্চিত্র নির্মাতাৰ বাবে সদায় এক সপোন বাস্তৱায়িত হোৱাৰ দৰে৷ এনে এখন বিখ্যাত মঞ্চত আমাৰ কাহিনী তুলি ধৰিবলৈ সুযোগ লাভ কৰা বাবে মই অতিশয় কৃতজ্ঞ৷’ লক্ষণীয়ভাৱে অসমত নির্মিত এই হিন্দী ভাষাৰ ছবিখনত বলীউডৰ কেইবাগৰাকীও প্রতিষ্ঠিত অভিনেতা–অভিনেত্রীয়ে অভিনয় কৰাৰ লগতে হিন্দী ছবি উদ্যোগত খ্যাতি অর্জন কৰা অনেকগৰাকী অসমীয়া শিল্পীয়ে কাম কৰিছে৷ ছবিখনত অভিনয় কৰা শিল্পীসকলৰ ভিতৰত আছে ৰিতিশা খাউণ্ড, ৰাজেশ টাহলাং, দীপান্বিতা শর্মা, ঋতু শিৱপুৰী, দেৱলীনা ভট্টাচার্য, বোধিসত্ত্ব শর্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্রীতি কংকণা আৰু ৰঞ্জীৱ লাল বৰা অন্যতম৷ তদুপৰি বলীউডৰ জনপ্রিয় কণ্ঠশিল্পী সুনিধি চৌহান, দিব্য কুমাৰ, মহম্মদ ফৈজ আৰু অসমৰ কৃতিকা শর্মাই ‘কুকি’ৰ তিনিটা সুমধুৰ গীতত কণ্ঠ নিগৰাইছে৷ পৰিচালক প্রণৱ জে ডেকা আৰু দলটোৱেও সন্মানীয় কাঁ চলচ্চিত্র মহোৎসৱত ছবিখনৰ নির্বাচনক লৈ সুখ প্রকাশ কৰিছে৷

You might also like