নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডাত হিন্দু ফ’বিয়া : হিন্দু মন্দিৰ লণ্ডভণ্ড খালিস্তানীপন্থীৰ

নিউজ ডেস্ক, ২২ এপ্রিল : কানাডাত হিন্দু ফ’বিয়া চলিছে৷ খালিস্তানীপন্থীয়ে কানাডাৰ ছাৰেৰ হিন্দু লক্ষ্মীনাৰায়ণ মন্দিৰ এটা লণ্ডভণ্ড কৰিছে৷ মন্দিৰৰ ভিতৰত প্রৱেশ কৰি বয়-বস্তু লণ্ডভণ্ড কৰাৰ লগতে মন্দিৰৰ ছাইনব’ৰ্ডত ক’লা ৰং সানি দিয়ে৷ এনেদৰে মন্দিৰৰ চৌহদৰ পকী বেৰতো ক’লা ৰঙেৰে আঁক–বাক কৰে৷ কানাডাৰ হিন্দু চেম্বাৰ অৱ কমার্চে খালিস্তানীপন্থীৰ এই কার্যকলাপ ভিডিঅ’যোগে প্রচাৰ কৰিছে৷ ভিডিঅ’ বার্তাত হিন্দু চেম্বাৰ অৱ কমার্চে লক্ষ্মীনাৰায়ণ মন্দিৰ খালিস্তানীপন্থীয়ে লণ্ডভণ্ড কৰা কার্যক তীব্র ভাষাৰে গৰিহণা দিছে৷ তদুপৰি কানাডাবাসীক এনেধৰণৰ বিদ্বেষপূর্ণ কামৰ পৰা নিজকে আঁতৰাই ৰাখি ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে৷ ইপিনে, প্রশাসনক দোষীক কৰায়ত্ত কৰিবলৈও দাবী জনাইছে৷ মন কৰিবলগীয়া যে কানাডাত হিন্দু মন্দিৰত আক্রমণ চলাই থকা ঘটনা বিগত কেইবাবছৰৰ পৰা চলি আহিছে৷ খালিস্তানীপন্থীৰ সাংগঠনিক স্থিতি বৃদ্ধিৰ বাবেই এনে ঘটনা ঘটি আছে৷

You might also like