নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰত হিন্দুক হত্যা : পুঞ্চ-ৰাজৌৰিলৈ অতিৰিক্ত চিআৰপিএফ জোৱান কেন্দ্রৰ

বিশেষ বাৰ্তা, ৫ জানুৱাৰীঃ ইংৰাজী নৱবর্ষৰ প্রথম সন্ধিয়াই জম্মু–কাশ্মীৰৰ ৰাজৌৰিত হিন্দুৰ বাসগৃহত প্রৱেশ কৰি সন্ত্রাসবাদীয়ে হত্যালীলা চলোৱাৰ সমান্তৰালকৈ কেন্দ্রীয়শাসিত অঞ্চলটোত সন্ত্রাসবাদী কার্যকলাপ সংঘটিত হৈছে৷ অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ লগতে সংখ্যালঘু সম্প্রদায়ৰ লোকসকল জীৱনৰ শংকাত ভুগি থকাক লৈ উদ্বিগ্ন কেন্দ্রীয় চৰকাৰে আইন–শৃংখলাজনিত নিয়ন্ত্রণ কৰাৰ অর্থে অতিৰিক্ত অর্ধসামৰিক বাহিনী প্রেৰণৰ সিদ্ধান্ত লৈছে৷ নৱবর্ষৰ আৰম্ভৰ পৰা দুদিনৰ ভিতৰতে সন্ত্রাসবাদী আক্রমণত ২ শিশুসহ ৬জন লোক নিহত লোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে৷ কেন্দ্রীয়শাসিত অঞ্চলটোত সন্ত্রাসবিৰোধী অভিযান অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ১৮টা চি আৰ পি এফ কোম্পানী প্রেৰণ কৰিব কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ শীর্ষ সূত্রত প্রকাশ পোৱা মতে ১৮টা চি আৰ পি এফ কোম্পানী অর্থাৎ ১৮,০০০ জোৱান জম্মু–কাশ্মীৰত অতিৰিক্তকৈ মোতায়েন কৰা হয়৷ ইয়াৰ ভিতৰত পুঞ্জ আৰু ৰাজৌৰি জিলাত সর্বাধিক চি আৰ পি এফ জোৱান মোতায়েন কৰা হ’ব৷ তথ্য মতে জম্মু আৰু কাশ্মীৰৰ সমীপত থকা অঞ্চলৰ পৰা ৮টা চি আৰ পি এফ বাহিনী শীঘ্রে মোতায়েন কৰিব আৰু নতুন দিল্লীৰ পৰা ১০টা চি আৰ পি এফ কোম্পানী পৰৱর্তী সময়ত প্রেৰণ কৰিব৷ উল্লেখ্য যে ১ জানুৱাৰী দেওবাৰে সন্ধিয়া ৰাজৌৰি জিলাৰ ডাংৰী গাঁৱত সন্ধিয়া হিন্দু লোকৰ তিনিটা বাসগৃহত প্রৱেশ কৰি সন্ত্রাসবাদীয়ে নির্বিচাৰ গুলীচালনা কৰিছিল৷ সন্ত্রাসবাদীৰ গুলীচালনাত চাৰিজন লোক নিহত হোৱাৰ লগতে ছজন গুৰুতৰভাৱে আহত হৈছে৷ আনপিনে এই আক্রমণৰ পিছদিনাই সন্ত্রাসবাদীয়ে উক্ত অঞ্চলতেই আই ই ডিৰ বিস্ফোৰণ ঘটায়৷ এই বিস্ফোৰণত দুই শিশুৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়৷ সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধিৰ পৰিপ্রেক্ষিতত অঞ্চলটোত অতিৰিক্ত চি আৰ পি এফ বাহিনী মোতায়েনৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ হিন্দু লোকৰ ঘৰত প্রৱেশ কৰি সন্ত্রাসবাদীয়ে নির্মমভাৱে হত্যা কৰা ঘটনাস্থলীত নিয়াৰ দল উপস্থিত হৈ তদন্ত আগবঢ়াইছে৷ আনপিনে, সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানী সন্ত্রাসবাদী ভাৰতবর্ষৰ ভূমিত অনুপ্রেৱশ কৰিবলৈ খাপ পিটি থকাৰ তথ্য চোৰাংচোৱা সংস্থাই লাভ কৰাৰ পাছতেই আন্তর্জাতিক সীমান্তত নৈশ সান্ধ্য আইন বলৱৎ কৰিছে৷ বিশেষকৈ চাম্বা জিলাৰ আন্তর্জাতিক সীমান্তত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ ১ কিলোমিটাৰজোৰা নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ এই সময়ছোৱাত কোনো লোককে অপ্রয়োজনীয় কাৰণত বাহিৰলৈ ওলাই নাহিবলৈ নির্দেশ দিছে আৰক্ষী প্রশাসনে৷ সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়াৰ সৈতে আলোচনাৰ অন্তত জিলা আৰক্ষী প্রশাসনে এই ঘোষণা কৰিছে৷

You might also like