HMPV : চীনত পুনৰ ৰহস্যময় ভাইৰাছৰ প্রাদুর্ভাৱ
🔹 পৃথিৱীৰ বাসিন্দালৈ আন এক শংকা ড্রেগনৰ দেশৰ
🔹 শিশু–বৃদ্ধসহ বহুজন আক্রান্ত : চিকিৎসালয়ত দীঘলীয়া শাৰী
🔹 মাস্ক পৰিধান, সঘনাই হাত ধুবলৈ নির্দেশনা
নিউজ ডেস্ক, ৪ জানুৱাৰী : ক’ভিড–১৯ৰ ভয়াৱহতা পুনৰ উভতি আহিব নেকি? পৃথিৱীবাসীলৈ আন এক শংকা কঢ়িয়াইছে ড্রেগনৰ দেশে৷ চীনত পুনৰ ৰহস্যময় ভাইৰাছৰ প্রাদুর্ভাৱ ঘটিছে৷ চীনত ক’ভিড–১৯ৰ প্রাদুর্ভাৱ ঘটি সমগ্র বিশ্বতেই এই ভয়াৱহ ভাইৰাছটোৱে বিভীষিকাৰ সৃষ্টি কৰাৰ ৫ বছৰ মূৰকত পুনৰ চীনতেই প্রাদুর্ভাৱ ঘটিছে ৰহস্যময় ভাইৰাছৰ৷ দেশখনৰ কেইবাটাও অঞ্চলত ইতিমধ্যে হিউমেন মেটাপনিউমোভাইৰাছ চমুকৈ এইচএমপিভিৰ প্রাদুর্ভাৱ ঘটিছে৷ এই ভাইৰাছত আক্রান্ত লোকে চিকিৎসালয়ত দীঘলীয়া শাৰী পাতিছে৷ শিশু আৰু বৃদ্ধ লোক এই ৰহস্যময় ভাইৰাছটোত আক্রান্ত হৈছে৷ ভাইৰাছটোত আক্রান্ত হ’লেই উশাহ–নিশাহত জটিলতাৰ সৃষ্টি হয়৷ দেশখনৰ কেইবাখনো বিদ্যালয়ত এই ভাইৰাছত আক্রান্ত শিশুৰ সংখ্যা বৃদ্ধি পাই আছে৷ ইয়াৰ পৰিপ্রেক্ষিতত চৰকাৰে দেশখনৰ নাগৰিকক মাস্ক পৰিধান কৰাৰ লগতে সঘনাই হাত পৰিষ্কাৰ কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷ উল্লেখ্য যে ২০০১ চনত এইচএমপিভি নেদাৰলেণ্ডৰ গৱেষকে আৱিষ্কাৰ কৰিছিল৷ স্বাভাৱিকতে শিশু আৰু বৃদ্ধক এই ভাইৰাছে সহজে আক্রান্ত কৰিব পাৰে যদিও সকলো শ্রেণীৰ লোক এই ভাইৰাছটোত আক্রান্ত হয়৷ আক্রান্ত লোকৰ সৈতে নিকট সম্পর্ক থাকিলে আন এজন লোকলৈ এই ভাইৰাছটোৰ সংক্রমণ ঘটে৷ চীনে দাবী কৰা মতে, এইচএমপিভি ভাইৰাছটো আৰএনএ ভাইৰাছ৷ বিগত ৬ দশক ধৰি এই ভাইৰাছটো বিশ্বত বর্তি আছে বুলি কিছু গৱেষণাত প্রকাশ পাইছে৷ লানছেট গ্ল’বেল হেল্থত ২০২১ চনত প্রকাশিত বাতৰি অনুসৰি এই ভাইৰাছত আক্রান্ত হ’লে ৫ বছৰৰ তলৰ শিশু মৃত্যুমুখত পৰে৷ তাৎপর্যপূর্ণ যে এই ভাইৰাছটোৰ এতিয়াও কোনো ভেকচিন ওলোৱা নাই৷