নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ব্যয়বহুল মহানগৰ হংকং : শেষত ইছলামাবাদ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুলাইঃ বিশ্বৰ আটাইতকৈ ব্যয়বহুল মহানগৰ হৈছে চীনা ভূখণ্ডৰ স্বশাসিত হংকং৷ শেহতীয়াকৈ এক সমীক্ষাত সদৰী কৰা হৈছে যে প্রবাসী হিচাপে জীৱনধাৰণৰ বাবে এগৰাকী ব্যক্তিয়ে আটাইতকৈ বেছি ধন খৰচ কৰিবলগীয়া হয় হংকঙত৷ আর্থিক সমীক্ষা সংস্থা ‘মাৰছ’ৰ প্রতিবেদন ‘ক’ষ্ট অৱ লিভিং চিটি ৰেংকিং ২০২৪’ অনুসৰি আয়, দুশবিধ প্রয়োজনীয় সামগ্রীৰ দামসহ ৪টা মাপকাঠী পর্যালোচনা কৰি এই তালিকা প্রস্তুত কৰা হৈছে৷ তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্রমে ছিংগাপুৰ আৰু ছুইজাৰলেণ্ডৰ চহৰ জুৰিখ৷ বিশ্বৰ ২২৬খন মহানগৰক লৈ যুগুতোৱা তালিকাত ইছলামাবাদ আটাইতকৈ সস্তা মহানগৰ হিচাপে চিহ্ণিত হৈছে৷ এই তালিকাত ভাৰতৰ মুম্বাই, দিল্লী, বেংগালুৰু, চেন্নাই, হায়দৰাবাদ, পুনে আৰু কলকাতায়ো স্থান লাভ কৰিছে৷

You might also like