বিদেশী গ্রাহক দেখিয়েই এটা কলৰ দাম ১০০ টকা কৰিলে বিক্রেতাই
🔹 সমগ্র ঘটনাৰ ভিডিঅ’ ৰেকর্ডিং কৰি ইনষ্টাগ্রামত প্রচাৰ স্কটলেণ্ডৰ হিউৰ
নিউজ ডেস্ক, ১৯ জানুৱাৰী : এটা কলৰ দাম এশ টকা৷ অস্বাভাৱিক যেন লগা এই কলৰ মূল্যৰ ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ হায়দৰাবাদৰ পদপথত ঠেলাত কল বিক্রী কৰা দোকানী এজনে বিদেশী গ্রাহক দেখি এটা কলৰ দাম ১০০ টকা বুলি বিক্রী কৰিলে৷ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্রচাৰ হোৱাৰ পিছত ভাইৰেল হৈ পৰিছে৷ ভিডিঅ’টোৰ তথ্য মতে, দেশ–বিদেশ ভ্রমণ কৰি আনন্দ লাভ কৰা স্কটলেণ্ডৰ পর্যটক এজনে হায়দৰাবাদৰ পদপথত ঠেলাত ফল বিক্রী কৰা দোকানী এজনৰ পৰা কল এটা ক্রয় কৰিব বিচাৰে৷ দোকানীজনে বিদেশী গ্রাহক দেখিয়েই কলটোৰ দাম ১০০ টকা বুলি কয়৷ স্কটলেণ্ডৰ বাসিন্দা হিউৱে কলৰ দাম শুনি আশ্বর্য প্রকাশ কৰে৷ এটা কলৰ দাম ১০০ টকা বুলি দোকানীজনক প্রশ্ণ উত্থাপন কৰে৷ কলটো ক্রয় নকৰি স্কটলেণ্ডৰ হিউৱে এই সমগ্র ঘটনাটোৰ ভিডিঅ’ ৰেকর্ডিং কৰি হিউ এব্রোড নামৰ একাউণ্টেৰে ইনষ্টাগ্রামত প্রচাৰ কৰে৷ মন কৰিবলগীয়া যে দোকানীজনে এটা কলৰ দাম এশ টকা বুলি কোৱাৰ পিছত হিউৱে এই মূল্য বুজিব নোৱাৰি পুনৰ সোধাত এটা কলত ১০০ টকা বুলিয়েই প্রকাশ কৰে৷ কলটো কিনিলে ১০০ টকা দিবই লাগিব বুলি দোকানীজনে হিউক কয়৷ দোকানীজনক প্রত্যুত্তৰ দি হিউৱে কয় যে ইমান দামেৰে তেওঁ কল ক্রয় কৰিব নোৱাৰে৷ বিদেশী কাৰণেই কলটোৰ দাম বৃদ্ধি কৰা হৈছে নেকি বুলিও প্রশ্ণ কৰে৷ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্রচাৰ হোৱাৰ পিছত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ একাংশ ইনষ্টাগ্রাম ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো সন্দর্ভত মন্তব্য কৰি ফলৰ দোকানীজনক সমালোচনা কৰি বিদেশী নাগৰিক হিউৰ ওচৰত ক্ষমা প্রার্থনা কৰিছে৷ হিউক বিদেশী বুলি জানিয়েই ইমান বেছি দাম কৰা বুলি উল্লেখ কৰি দোকানীজনে ভাল কাম কৰা নাই বুলি কয়৷ ভাৰতত হিউৰ এনে অভিজ্ঞতাৰ বাবে দুঃখিত বুলিও একাউণ্ট ব্যৱহাৰকাৰীয়ে মন্তব্য প্রকাশ কৰিছে৷ বিদেশীৰ প্রতি হায়দৰাবাদৰ দোকানীৰ এনে আচৰণ উচিত হোৱা নাই বুলিও একাংশই মন্তব্য কৰিছে৷