২০২৯ৰ ভিতৰত মঙল গ্রহত পদার্পণ কৰিব মানৱে
🔹 ব্যক্তিগত মহাকাশ কোম্পানী স্পেচ এক্সৰ মুৰব্বী এলন মাস্কৰ ঘোষণা
নিউজ ডেস্ক, ১৬ মার্চ : ৰঙা গ্রহ মঙলত জীৱৰ বসতিস্থলক লৈ মহাকাশ বিজ্ঞানীসকলৰ অধ্যয়ন-গৱেষণা অব্যাহত আছে৷ মঙল অভিযান ইতিপূর্বে আৰম্ভ হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ব্যক্তিগত খণ্ডৰ মহাকাশ কোম্পানী স্পেচ এস্কে আৰম্ভ কৰিব মঙল গ্রহ অভিযান৷ স্পেচ এক্সৰ মুৰব্বী ধনকুবেৰ এলন মাস্কে ৰঙা গ্রহ মঙললৈ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা সম্পূর্ণ কৰি তোলাৰ পিছতেই ২০২৯ চনৰ ভিতৰত গ্রহটোত সোঁশৰীৰে মানৱে পদার্পণ কৰিব বুলি ঘোষণা কৰিছে৷ স্পেচ এক্সৰ মঙল অভিযান ২০২৬ চনত আৰম্ভ হ’ব৷ এই অভিযানত স্পেচ এক্সে টেছলাৰ মানৱৰূপী ৰবট অপ্টিমাছ প্রেৰণ কৰিব৷ মহাকাশযানত অপ্টিমাছক কঢ়িয়াই লৈ গৈ ৰঙা গ্রহত অৱতৰণ কৰাব৷ অহা বর্ষত অপ্টিমাছ লৈ ষ্টাৰশ্বিপে পৃথিৱী এৰি মঙললৈ যাত্রা কৰিব৷ যদি সকলো ঠিকে–ঠাকে অপ্টিমাছে মঙল গ্রহত অৱতৰণ কৰিব পাৰে, তেতিয়াহ’লে ২০২৯ চনৰ ভিতৰত মানৱে ৰঙা গ্রহটোত অৱতৰণ কৰাটো প্রায় নিশ্চিত হ’ব৷ যদি কিবা কাৰণত ২০২৯ত এয়া সম্ভৱ হৈ উঠে, তেতিয়া হ’লে ২০৩১ চনৰ ভিতৰত ই সফল হ’ব৷ সামাজিক মাধ্যম এক্সত স্পেচ এক্সৰ মুৰব্বী এলন মাস্কে এই কথা ঘোষণা কৰিছে৷ উল্লেখনীয় যে ২০০২ চনৰ ১৪ মার্চত স্পেচ এক্স প্রতিষ্ঠা কৰিছিল এলন মাস্কে৷ এই মহাকাশ কোম্পানীটোৰ ২৩সংখ্যক বার্ষিকী উপলক্ষে এলন মাস্কে বিশ্ববাসীক চমকিত কৰা ৰঙা গ্রহটোত মানৱ প্রেৰণৰ ঘোষণা কৰে৷ উল্লেখনীয় যে ব্যক্তিগত খণ্ডৰ মহাকাশ কোম্পানী স্পেচ এক্সে মহাকাশ অভিযানত সফলতা লাভ কৰি আছে যদিও ষ্টাৰশ্বিপৰ শেহতীয়া আঠটা পৰীক্ষণেই বিফল হৈছে৷ যোৱা ৭ মার্চত ষ্টাৰশ্বিপ মহাকাশযান উৎক্ষেপণৰ কেইমিনিটমান পিছতে বিস্ফোৰণ হৈ মহাকাশযানখনৰ ধ্বংসাৱশেষ পৃথিৱীত পৰিছিল৷ এই সফলতা আৰু বিফলতাৰ মাজতো স্পেচ এক্সে ২০২৯ চনৰ ভিতৰত মঙলত মানৱক অৱতৰণ কৰোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷