ছিৰিয়াৰ লক্ষাধিক লোকৰ ঘৰ এৰি পলায়ন
🔹 তৃতীয় বৃহত্তম চহৰ হোমছলৈ অগ্রসৰ বিদ্রোহী বাহিনী : ডামাস্কাছ দখলৰ লক্ষ্য
নিউজ ডেস্ক, ৭ ডিচেম্বৰ : ছিৰিয়াত বিদ্রোহীৰ দখললৈ গৈছে দ্বিতীয়খন চহৰ হামা৷ এলেপ্পোৰ পিছত হামা দখল কৰিছে ইছলামিষ্ট বিদ্রোহী সংগঠন হায়াত তাহৰিৰ আল–ছাম (এইচটিএছ)–এ৷ এইচটিএছ আৰু ইয়াৰ সমর্থক সংগঠনে বিগত এসপ্তাহ ধৰি ছিৰিয়াত আক্রমণ তীব্রতৰ কৰি তুলিছে৷ শেহতীয়াকৈ দেশখনৰ তৃতীয় বৃহত্তম চহৰ হোমছ দখলৰ বাবে অগ্রসৰ হৈছে বিদ্রোহী বাহিনী৷ তৃতীয়খন চহৰ দখলৰ বাবে বিদ্রোহী বাহিনীয়ে অগ্রসৰ হোৱাৰ লগে লগে লক্ষাধিক লোকে চহৰখনৰ পৰা পলায়ন কৰিছে৷ ইফালে, গৃহযুদ্ধবিধ্বস্ত ছিৰিয়াৰ এনে পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে বিভিন্ন দেশে৷ ৰাছিয়া–ভাৰতসহ কেইবাখনো দেশে ছিৰিয়াত থকা নাগৰিকসকলৰ নিৰাপত্তাক লৈ উদ্বেগ প্রকাশ কৰিছে৷ ৰাছিয়াই ইতিমধ্যে নিজ দেশৰ নাগৰিকসকলক গৃহভূমিলৈ প্রত্যাৱর্তনৰ বাবে নির্দেশ দিছে৷ লক্ষণীয় যে ৰাজধানী ডামাস্কাছ দখলৰ বাবে চেষ্টা চলাইছে বিদ্রোহী বাহিনীয়ে৷ ইতিমধ্যে ৰাষ্ট্রপতি বাছাৰ আল–আছাদৰ বাহিনীয়ে ইখনৰ পিছত সিখন চহৰৰ পৰা পিছ হুঁহকিবলৈ লৈছে৷ এনে পৰিস্থিতিত যুদ্ধবিধ্বস্ত ছিৰিয়ালৈ পুনৰ বিভীষিকা নামি অহাৰ আশংকাই দেখা দিছে৷ স্মর্তব্য যে বিগত এটা দশকতকৈ অধিক কাল ধৰি যুদ্ধত ক্ষত–বিক্ষত হৈ আছে ছিৰিয়া৷