নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিৰাট–ধোনীৰ সৈতে মোৰ তুলনা নহয়’

🔹 অলিম্পিকৰ পূর্বে চাপত আছে ভাৰতৰ স্বর্ণপুত্র

বিশেষ বাৰ্তা, ২২ জুলাই : ভাৰতৰ টি–২০ বিশ্বকাপ বিজয়ী ক্রিকেট দলৰ ৰাজষিক সম্বর্ধনাৰ পিছতেই ছাইনা নেহৱাল, চিৰাজ শেট্টীৰ দৰে তাৰকা ক্রীড়াবিদসকলে অভিযোগ কৰিছিল যে ক্রিকেটৰ বাহিৰে অন্য খেলুৱৈসকলৰ ভাৰতত আদৰ নাই৷ কিন্তু সেই কথাৰ সৈতে একমত নহয় নীৰজ চোপ্রা৷ বিৰাট কোহলি অথবা মহেন্দ্র সিং ধোনীৰ সৈতে নিজৰ তুলনা কৰিব নিবিচাৰে ভাৰতৰ স্বর্ণপুত্রই৷ নিজৰ খেল তেওঁ ভাল পায়৷ অৱশ্যে এইবাৰ অলিম্পিকৰ পূর্বে তীব্র চাপৰ মাজত আছে বুলি জনাইছে নীৰজে৷ পেৰিছ অলিম্পিকৰ প্রাকমুহূর্তত এক সাক্ষাৎকাৰত নীৰজে কয়– সৰুৰে পৰা দেখিছোঁ ক্রিকেটৰ এক সুকীয়া মর্যাদা আছে৷ ক্রিকেটাৰসকলে যি সন্মান পায়, সেয়া অন্য ক্রীড়াৰ সৈতে জড়িত ক্রীড়াবিদতকৈ অধিক৷ অৱশ্যে তাৰ অর্থ এইটো নহয় যে ক্রিকেটৰ বাহিৰে কোনো বিকল্প নাই৷ মই সকলো সময়তে জেভলিন খেলিবলৈ বিচাৰিছিলোঁ৷ ভবা নাছিলোঁ, অলিম্পিকৰ নিচিনা বৃহৎ প্রতিযোগিতাত স্বর্ণ জয় কৰিবলৈ সক্ষম হ’ম৷ অৱশ্যে ক্রিকেটাৰসকলৰ সৈতে নিজকে তুলনা কৰিব নোখোজে টকিঅ’ অলিম্পিকৰ স্বর্ণ পদক বিজয়ী নীৰজে৷ তেওঁ কয়– কোহলি অথবা ধোনীৰ সৈতে কোনোদিনে নিজৰ তুলনা কৰা নাই৷ কাৰণ মই বাস্তৱ ভালদৰে বুজি পাওঁ৷ অলিম্পিকৰ পিছত মোৰ পৰিচিতি যথেষ্ট বৃদ্ধি পাইছে৷ কিন্তু তাৰ পিছতো মই জানো যে ক্রিকেটাৰসকলতকৈ মোৰ জনপ্রিয়তা কম৷ ভাৰতৰ প্রতিটো গলিতে ক্রিকেট খেলা হয়৷ কিন্তু অনুৰূপ ধৰণে কোনেও জেভলিন নেখেলে৷ উল্লেখ্য যে বিগত অলিম্পিকত স্বর্ণ জয় কৰাৰ বাবে নীৰজৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে৷ সেইবাবেই হয়তো তেওঁৰ ওপৰত চাপ বৃদ্ধি পাইছে৷ এই প্রসংগত নীৰজে কয়– এইবাৰ মই নিজৰ স্বর্ণ ৰক্ষা কৰিবলৈ নামিম৷ যোৱাবাৰৰ তুলনাত এইবাৰ মোৰ অভিজ্ঞতা বৃদ্ধি পাইছে৷ সেইবাবে মোৰ ওপৰত প্রত্যাহ্বানৰ চাপ অধিক থাকিব৷ এইবাবেই চাপ আৰু বৃদ্ধি পাব, কাৰণ এয়াই শেষ অলিম্পিক৷ এই চাপ নিয়ন্ত্রণ কৰা বৰ সহজ কথা নহয়৷

You might also like