২৪ ঘণ্টাত ২,২০০ বাৰ ভূমিকম্প অনুভূত আইচলেণ্ডত
🔴 বৃহৎ প্রাকৃতিক দুর্যোগৰ আশংকা বিজ্ঞানীৰ
বিশেষ বাৰ্তা, ৭ জুলাই : মাত্র ২৪ ঘণ্টাৰ ভিতৰত ২,২০০বাৰ কঁপি উঠিল আইচলেণ্ডৰ ৰাজধানী ৰেকজাভিক আৰু ইয়াৰ সমীপৱর্তী অঞ্চলসমূহ৷ মাত্র ২৪ ঘণ্টাৰ ভিতৰত ইমানসংখ্যক কম্পন অনুভূত হোৱাৰ লগে লগে বৃহৎ প্রাকৃতিক দুর্যোগৰ আশংকা কৰিছে বতৰ বিজ্ঞানীসকলে৷ আইচলেণ্ডৰ বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি, কম্পনৰ অভিকেন্দ্র হৈছে ফাগ্রাডাল্ছফিয়ল পর্বতৰ আভ্যন্তৰ ৷ এই পর্বত আছে আগ্ণেয়গিৰিৰ ওপৰত৷ যোৱা দুবছৰত দুবাৰ আগ্ণেয়গিৰিৰ উদগীৰণ হৈছে আইচলেণ্ডৰ দক্ষিণ–পশ্চিম প্রান্তৰ ৰেইকজেনছত৷ ২৪ ঘণ্টাত যি কম্পন অনুভূত হৈছে, তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কম্পনটো হৈছে আইচলেণ্ডৰ দক্ষিণ–পশ্চিম ভাগত ৷